মাজুলীত গাঞ্জা জব্দঃ বালিচাপৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলিছিল অভিযান
নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিল : মাজুলীত অবৈধভাৱে সুৰাৰ ব্যৱসায় চলাৰ সমান্তৰালভাৱে দিনকদিনে দ্বীপ জিলাখনত ক্ৰমত বৃদ্ধি পাইছে গাঞ্জাৰ ব্যৱসায়ী ৷ একাংশ যুৱক এই গাঞ্জা বেপাৰীসকলৰ কবলত পৰা দৃষ্টিগোচৰ হৈ আহিছে , ১৫ ৰ পৰা ২০ বছৰ বয়সৰ একাংশ কিশোৰক লক্ষ্য কৰি অসাধু গাঞ্জা বেপাৰীসকলে মাজুলীত চলাই গৈছে ব্যৱসায় ৷ যাৰ ফলত বৃদ্ধি পাইছে যুৱ উচ্ছৃংখলতা ৷ মাজুলীৰ আৰক্ষীয়ে নিজা প্ৰচেষ্টাত এই গাঞ্জা বেপাৰীসকলৰ বিৰুদ্ধে অভিযান চলাই আহিছে যদিও নাকী লগাব পৰা নাই এই অসাধু ব্যৱসায়ীসকলক ৷ আনফালে আজি মাজুলী বালিচাপৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াসহ এটা আৰক্ষীৰ দলে অনুসন্ধান চলাই নামনি মাজুলীৰ গোৱাল গাঁৱৰ পৰা বনী ঠাকুৰীয়া (৭২) নামৰ এজন লোকৰ পৰা এক কেজি দুশ গামৰো অধিক গাঞ্জা জব্দ কৰে ৷ ইতিমধ্যে লোক জনক আটক কৰি আৰক্ষীয়ে সোধাপোচা আৰম্ভ কৰা বুলি জানিব পৰা গৈছে ৷
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড