নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত আৱাসিক এলেকাত ধানৰ মিল : জনস্বাস্থ্যৰ প্ৰতি ভাবুকি : মিল বন্ধৰ দাবী এলেকাবাসীৰ

নিয়মীয়া বার্তা,৮ মে : হোজাইৰ পৌৰসভাৰ ১৪নং ৱাৰ্ডৰ বাসিন্দাসকলে এটা ধানৰ মিল স্থাপনক লৈ সৰৱ হৈ পৰিছে সেই এলেকাৰ ৰাইজ । ভুৱা তথ্যৰে ৰতন কয়াল নামৰ ব্যৱসায়ীজনে হোজাই চহৰৰ মাজ মজিয়াৰ আৱাসিক এলেকাত ৰাণী সতী ইণ্ডাষ্ট্ৰী নামেৰে এই মিলটো স্থাপন কৰে । বিগত 2021 চনৰে পৰা স্থানীয় ৰাইজে বহু আবেদন নিবেদন কৰিও কোনো সুফল নোপোৱাত কালি এক সংবাদ মেলযোগে মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ আহ্বান জনাইছে । সংবাদ মেলত বিশিষ্ট সমাজকর্মী তথা ব্যৱসায়ী প্ৰভাত কয়ালে অভিযোগ কৰে যে, স্থানীয় ৰাইজক এবাৰ উয়েৰ হাউচ বনাব, এবাৰ প্ৰদূষণমুক্ত মিল বহাব, এবাৰ ভাই ককাইৰ মাজত মাটি ভাগ বটৰুৱা হব বুলি ভুৱা কথাৰে স্থানীয় ৰাইজৰ পৰা এন অ চিত চহী কৰাই প্ৰচণ্ড শব্দ আৰু ধূলি বালিৰে প্ৰদূষণৰ সৃষ্টি কৰা মিল বহুৱাই মুনাফা লুটি থকাৰ লগতে সেই এলেকাৰ হৃদৰোগৰ লগতে অন্যান্য ৰোগী সকলৰ বাবে মৃত্যৰ ভাবুকি কঢ়িয়াই আনিছে । এই সন্দৰ্ভত পূৰ্বতে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড, জিলা উপায়ুক্ত, বনমন্ত্ৰী আদিলৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰা হৈছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এইবাৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰি উপযুক্ত বিষয়াৰ হতুৱাই তদন্ত কৰি জন স্বাস্থ্যৰ বাবে ভাবুকি সৃষ্টি কৰা এই শব্দ আৰু ধূলি বালি প্ৰদূষণ সৃষ্টি কৰা মিলটো বন্ধৰ দাবী জনাইছে । সমাজকর্মী তথা ব্যৱসায়ী জনে ৰতন কয়াল নামৰ কেৱল ধনকে চিনি পোৱা ব্যৱসায়ী জনে নিজৰ বিদ্যুতৰ নিৰীখ কমোৱাৰ স্বাৰ্থত নিশা নিশা মিল চলাই শব্দ প্ৰদূষণ সৃষ্টি কৰি সৰ্বসাধাৰণ লোকক হাৰাশাস্তি কৰাৰ লগতে তেওঁলোকৰ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ।

প্ৰেৰক কিশলয় ডি গোস্বামী

You might also like