নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজবাটত পাগলাদিয়াৰ কাঠৰ দলং ভাঙি নৈত পৰিল ট্রেক্টৰ

নিয়মীয়া বাৰ্তা ১০ জুনঃ মাজবাটৰ ফুলগুৰি ভিচিডিচিৰ অন্তর্গত বামুণীগাঁৱত থকা পাগলাদিয়া নৈৰ ওপৰৰ পচা কাঠৰ দলংখন মঙলবাৰে পুৱা সোঁমাজতে ভাঙি এখন ড্রেক্টৰ পানীত পৰে৷ ড্রেক্টৰখনত দুজন লোক আছিল৷ আহত দুজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷ ড্রেক্টৰখন মাজবাট থানাৰ আৰক্ষীয়ে তুলি আনি থানা চৌহদত ৰাখে৷ মাজবাটৰ পূব প্রান্তৰ অতিকৈ গুৰুত্বপূর্ণ একমাত্র কাঠৰ দলংখন ভাঙি যোৱাত গ্রামাঞ্চলৰ লোকসকল ভীষণ সমস্যাত পৰিল৷ যাতায়াতৰ উপৰি খেতিপথাৰ, চাহ বাগিচা, যজ্ঞপুৰ আৰক্ষী চকী, ব্যৱসায়ীসকল, বিভিন্ন চৰকাৰী–বেচৰকাৰী কার্যালয়ৰ কর্মচাৰীসকলৰ উপৰি শোণিতপুৰ জিলাৰ বহু গাঁৱৰ লোক এই দলংখনৰ ওপৰত নির্ভৰশীল৷ বিটিচিৰ প্রাক্তন কার্যবাহী সদস্য শ্যাম চুণ্ডীৰ বাসগৃহলৈয়ো এইখন কাঠৰ দলঙেৰে অহা–যোৱা কৰিব লাগে৷ দলংখন পকীকৰণৰ ক্ষেত্রত প্রাক্তন কার্যবাহী সদস্যগৰাকীৰ ভূমিকাও ৰহস্যজনক৷ দলংখনৰ কাষেৰে স্থায়ী পকী দলং এখনৰ নির্মাণ কাম চলি আছে যদিও আজি দুবছৰে পকী দলংখনৰ খুঁটাৰ কামেই সম্পূর্ণ নহ’ল৷ অতি নিম্নমানৰ কাঠেৰে নির্মাণ কৰা কাঠৰ দলংখন বছৰত তিনি–চাৰিবাৰ কাঠসমূহ সলনি কৰিবলগীয়াত পৰে৷ কদম, মদাৰ, শিমলু আদি কামত নলগা গছবোৰ কাটি আনি দলংখনত ব্যৱহাৰ কৰি আছে৷ দলংখনৰ অৱস্থা অতি বেয়া৷ যাৰ বাবে দলংখন ভাঙি ট্রেক্টৰসহ দুজন লোক পানীত পৰে৷ দলংখনৰ পূব–পশ্চিম প্রান্তৰ শতাধিক গাঁৱৰ লোক এতিয়া বিপদত পৰিছে৷ দলংখনৰ পূব প্রান্তৰ বামুণীগাঁও, বগুলামাৰী, দর্জিবস্তি, কুকুৰাখাইতী, মাজগাঁও, দেৱালখণ্ড, পাঁচনৈ খুঁটি, বৈগাপাৰা, খামটোবাৰী, চপৰাবাৰী, লোকামপুৰ, যজ্ঞপুৰ, জিঙাবিল, দেওচানী আদিৰ উপৰি শোনিতপুৰ জিলাৰ পাঁচনৈ, পচাবস্তি, হুগ্রাজুলি, নাৰাকাটি, ৰাইক্ষমাৰী, লা–বাৰী ইত্যাদি গাঁৱৰ লোক এতিয়া যাতায়াতৰ ক্ষেত্রত বাৰুকৈয়ে সমস্যাৰ সন্মুখীন হৈছে৷

You might also like