নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘পণ্ডিত দীনদয়াল উপাধ্যায় এৱার্ড’ৰে অসমলৈ সুনাম কঢ়িয়ালে মির্জাৰ হিমাক্ষী শর্মাই

অসমীয়া সংগীত জগতলৈ আশাৰ বার্তা

বিমল শর্মা, ৰামপুৰ

নিয়মীয়া বাৰ্তা ১ জানুৱাৰীঃ ২০২১ বর্ষৰ ৩০ ছেপ্টেম্বৰৰ দিনটো আছিল অসমৰ নতুন প্রজন্মৰ সংগীত শিল্পীসকলৰ বাবে এটা উৎসাহপূর্ণ দিন৷ অন্য এক দৃষ্টিৰে অত্যন্ত গৌৰৱৰ দিন৷ কাৰণ, এই দিনটোত নতুন দিল্লীৰ ৱাই এম চি এত সংগীত পৰিৱেশনেৰে সর্বভাৰতীয় পর্যায়ত সফলতাৰে দক্ষিণ কামৰূপ তথা অসমলৈ গৌৰৱ কঢ়িয়াবলৈ সমর্থ হৈছিল মির্জাৰ উদীয়মান কণ্ঠশিল্পী হিমাক্ষী শর্মাই৷ অসমৰ হৈ প্রতিনিধিত্ব কৰি হিমাক্ষীয়ে দীনদয়াল উপাধ্যায় লীডাৰশ্বীপ এৱার্ড ২০২১ বঁটাৰে সন্মানিত হৈ নিজৰ প্রতিভাৰ স্বাক্ষৰ বহন কৰিবলৈ সক্ষম হৈছিল৷ সর্বভাৰতীয় পর্যায়তGlobal Chambers of Commerce Industries & Agricultureৰ নেতৃত্বত আৰু অখণ্ড ভাৰত ফাউণ্ডেচনৰ সহযোগিতাত আয়োজন কৰা এই অনুষ্ঠানত ৰাজ্যখনৰ হৈ প্রতিনিধিত্ব কৰি প্রতিভাৱান সংগীত শিল্পী হিমাক্ষীয়ে লাভ কৰা সফলতাই অসমীয়া সংগীতক এক অভূতপূর্ব স্বীকৃতি দিয়া বুলি ক’ব লাগিব৷ মির্জাস্থিত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লোৱা হিমাক্ষিৰ সফলতাত মহাবিদ্যালয়খনে যথেষ্ট গৌৰৱ অনুভৱ কৰি প্রাক্তন ছাত্রীজনীক সম্বর্ধনা জ্ঞাপন কৰে৷ মির্জা কোছপাৰাৰ বীৰেন চন্দ্র শর্মা আৰু প্রীতিমা দেৱী গোস্বামীৰ জ্যেষ্ঠ দুহিতা হিমাক্ষিয়ে শৈশৱৰে পৰা সংগীত শিক্ষা গ্রহণ কৰা বুলি উল্লেখ কৰে৷ হিমাক্ষীয়ে ইতিমধ্যে ৰাজ্যখনৰ সংগীত জগতৰ হার্ট থ্র’ৱ জুবিন গার্গৰ লগতো দ্বৈতভাৱে কণ্ঠদান কৰাৰ সুযোগ পাইছে৷ সফলতাই হিমাক্ষীৰ প্রতিভাকেই স্বীকৃতি দিয়া নাই, ৰাজ্যখনৰ অসমীয়া সংগীত জগতলৈও এক আশাৰ বার্তা কঢ়িয়াই অনা বুলি ক’ব পাৰি৷

You might also like