নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেউতাৰ হাঁহি থকা মুখখন অসমবাসীয়ে সদায় মনত ৰাখিবঃ গৌৰৱ গগৈ

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ ‘দেউতা সদায়ে মোৰ আত্মাত থাকিব৷ মোৰ যেতিয়াই বিপদ আহিব, তেওঁৰ মাত মই শুনা পাম’– পাৰ ভাঙি নামি অহা চকুলো মচি পিতৃক সুঁৱৰি আজি এই মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে৷ বিগত তিনিটা মাহ পিতৃৰ স্বাস্থ্যক লৈ উদ্বিগ্ণতাত প্রায়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ চিকিৎসকৰ সৈতে আলোচনা কৰা গৌৰৱ গগৈয়ে হয়তো ভবা নাছিল যে সোমবাৰৰ দিনটো পিতৃ প্রয়াত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ বাবে অন্তিম দিন হ’ব৷ ক’ভিডৰ সৈতে যুঁজি যুঁজি অৱশেষত চিৰবিদায় লোৱা তৰুণ গগৈ তেওঁৰ বাবে একমাত্র পিতৃ নাছিল, তেওঁ আছিল এগৰাকী দিক নির্ণায়ক, ৰাজনীতিৰ পথ প্রদর্শক আৰু আদর্শ ব্যক্তি৷ পিতৃৰ হাতত ধৰিয়ে সংসদীয় ৰাজনীতিত খোজ দিয়া গৌৰৱ গগৈয়ে সাংসদ ৰূপে নির্বাচিত হোৱাৰ পিছতহে তৰুণ গগৈৰ পৰা ৰাজনীতিৰ আদিপাঠ লৈছিল৷ জীৱন আৰু ৰাজনীতিৰ গুৰুস্বৰূপ পিতৃ তৰুণ গগৈ এনেদৰে আঁতৰি যোৱাত অভিভাৱকহীন হৈ পৰা শোকত ভাগি পৰা সাংসদগৰাকীয়ে কয়– ‘ৰাজ্যবাসীয়ে যোৱা সময়ছোৱাত যি প্রার্থনা কৰিলে, সেই প্রার্থনা শক্তিৰে তেওঁ ক’ৰোনাৰ সৈতে যুঁজ দিব পাৰিলে৷ অন্তিম যুঁজত তেওঁৰ শৰীৰ ভাগি পৰিছিল, কিন্তু যুঁজিবলৈ এৰা নাছিল৷ তেওঁৰ কন্যা বাহিৰত আছিল৷ কন্যা–বোৱাৰী–নাতি–না ঘূৰি অহাৰ বাবে তেওঁ ৰৈ আছিল৷ সকলোকে একেলগে পাই তেওঁ বিদায় ল’লে৷’ চকুলো টুকি টুকি গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়– ‘এই বর্ষটো মোৰ বাবে অদ্ভুত৷ ঈশ্বৰে মোৰ ঘৰত কন্যা জন্ম দিলে, কিন্তু দেউতাক লৈ গ’ল৷ ইয়াক মই ভগৱানৰ নির্দেশ বুলি গ্রহণ কৰিছোঁ৷ তেওঁৰ পুত্র হিচাপে মই গৌৰৱ অনুভৱ কৰোঁ৷ তেওঁ গোটেই সামাজিক জীৱন নিকা হৈ থাকিল৷ তেওঁৰ হাঁহি থকা মুখখন অসমবাসীয়ে যেন মনত ৰাখে৷ তেওঁৰ শৰীৰ আমাৰ মাজত নাথাকিলেও, তেওঁৰ যি শিক্ষা, আদর্শ সেয়া আমাৰ মাজত থাকিব৷ দেউতাৰ শৰীৰটো দেখা নাপালেও, মোৰ জীৱনত প্রতিটো বিপদত, প্রতিটো সুখৰ মুহূর্তত তেওঁৰ মাত শুনা পাম৷’

You might also like