নিয়মীয়া বাৰ্তা ২ এপ্ৰিলঃ অসমত বিজেপি ক্রমাৎ অৱনমনৰ গভীৰতালৈ গতি কৰিছে৷– এই মন্তব্য কংগ্রেছ নেতা তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী মনীষ তিৱাৰীৰ৷ আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদ মেলত তিৱাৰীয়ে কয় যে অসম আৰু উত্তৰ–পূবৰ জনসাধাৰণে বিজেপিৰ ডিএনএ বুজা উচিত৷ ‘কা’ আইন আনি বিজেপিয়ে অসাংবিধানিক পদক্ষেপ গ্রহণ কৰিছে৷ অসমক বিশেষ ৰাজ্যৰ মর্যাদাৰ পৰা বঞ্চিত কৰিছে৷ সেয়ে জনসাধাৰণক বিজেপিৰ পৰা সতর্ক থকাৰ তেওঁ আহ্বান জনায়৷ বিজেপিয়ে নিশ্চিত পৰাজয়ৰ বিষয়ে জানিব পাৰিয়েই বিৰোধীসকলক ভীতি প্রদর্শনৰ দ্বাৰা নিজৰ অভিষ্ঠ সিদ্ধি কৰিবলৈ আৰম্ভ কৰিছে৷ বিপিএফৰ মুৰব্বী হাগ্রামা মহিলাৰীক ভাবুকি দিয়া হৈছে৷ সেইদৰে কালিৰে পৰা সন্ধানহীন হৈ থকা বিপিএফৰ এগৰাকী প্রার্থী ৰংজা খুংগুৰ বসুমতাৰীৰ প্রসংগত তেওঁৰ ফোনকল ৰেকর্ড ৰাজহুৱা কৰাৰো দাবী জনায়৷
বসুমতাৰীক বিজেপিৰ সৈতে হাত মিলাবলৈ বাধ্য কৰোৱাটো কেৱল গণতন্ত্রৰ ওপৰত আক্রমণেই নহয়, অসমৰ ৰাইজক কৰা বিশ্বাসঘাতকতা বুলিও অভিহিত কৰে৷ তেওঁ তামুলপুৰ বিধানসভা সমষ্টিৰ নির্বাচন পিছুৱাই দিবলৈও নির্বাচন আয়োগক দাবী জনাইছে৷ বিজেপিৰ এই আচৰণক ৰাইজে প্রকাশ কৰা আস্থাৰ প্রতি দেখুওৱা অসন্মানেই নহয়, কংগ্রেছক ৰাইজে দিয়া সমর্থনৰ উলংঘনৰ লগতে অসমীয়া সত্তাৰো পৰিপন্থী হৈছে৷ সেয়ে তেওঁ ৰাইজক মাৰবান্ধি ওলাই আহি বিজেপিক ক্ষমতাচ্যুত কৰাৰ আহ্বান জনায়৷ তেওঁ আৰু কয় যে দ্বিতীয় পর্যায়ৰ ভোটগ্রহণৰ পাছত কংগ্রেছ নেতৃত্বাধীন মহাজোঁট ক্রমাৎ সংখ্যাগৰিষ্ঠতাৰ দিশে অগ্রসৰ হৈছে৷ সেয়ে অগ্রাহ্যকৰণ আৰু নিৰুৎসাহৰ গৰাহত বিজেপি পৰিছে৷ তেওঁলোকে উপলব্ধি কৰিছে ক্ষিপ্র হাৰত জনতাৰ সমর্থন হেৰুৱাইছে৷ আজিৰ এই সংবাদ মেলখনৰ আৰম্ভণিতে তিৱাৰীয়ে ‘নিয়মীয়া বার্তা’ৰ সহযোগী সম্পাদক পূর্বজ্যোতি চুতীয়াৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত অপৰাধীক অচিৰেই শাস্তি বিহাৰ দাবী জনাই কয় যে চুতীয়াৰ মৃত্যুৰ ঘটনাই অসমৰ শোচনীয় আইন–শৃংখলা পৰিস্থিতিকেই উদঙাই দিছে৷ সংবাদ মেলখনত এআইচিচিৰ মুখপাত্র প্রফেছৰ গৌৰৱ বল্লভ, প্রদেশ কংগ্রেছৰ মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শর্মাও উপস্থিত থাকে৷