নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰি পত্র প্রেৰণ কৰিছে ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে৷ প্রয়াত গগৈৰ পত্নী ডলী গগৈলৈ প্রেৰণ কৰা পত্রখনত ৰাষ্ট্রপতিগৰাকীয়ে কয় যে প্রয়াত প্রাক্তন মুখ্যমন্ত্রীগৰাকী কেৱল এগৰাকী ৰাজনৈতিক নেতাই নাছিল, তেওঁ আছিল এগৰাকী অনন্য প্রশাসক৷ তিনিবাৰ মুখ্যমন্ত্রী, ছবাৰকৈ লোকসভাৰ সাংসদ আৰু কেন্দ্রীয় মন্ত্রী হিচাপে তেওঁ অসম আৰু ভাৰতৰ ৰাজনৈতিক ক্ষেত্রখনলৈ অমূল্য অৱদান আগবঢ়াইছে৷ তেওঁৰ মৃত্যুৰ লগে লগে ৰাষ্ট্রই এজন ৰাজনৈতিক ৰত্নক হেৰুৱালে৷ তেওঁ ৰাজ্যৰ তৃণমূল পর্যায়ৰ ৰাইজৰ সৈতে সংপৃক্ত হৈ আছিল৷ দেশবাসীৰ লগতে বিশেষকৈ অসমবাসীয়ে তেওঁৰ সেৱা সদায় স্মৰণ কৰিব৷ ইফালে, গোৱা, মহাৰাষ্ট্র, গুজৰাট আৰু ওড়িশাৰ প্রাক্তন ৰাজ্যপাল ড০ এছ চি জমিৰেও শোক প্রকাশ কৰি পৰিয়ালবর্গলৈ শোকবার্তা প্রেৰণ কৰিছে৷ শোকবার্তাত তেওঁ কয়– ‘ৰাজ্য আৰু দেশৰ কাৰণে সেৱা আগবঢ়োৱা লোকসকলৰ অন্যতম ৰত্ন হৈছে তৰুণ গগৈ৷ তেওঁৰ বিয়োগত মই হতচকিত হৈ পৰিছোঁ৷’