‘ফুটপাথৰ দোকানীয়েহে লয় পিঁয়াজৰ ৮০টকা’
নিয়মীয়া বাৰ্তা ৩ নবেম্বৰঃ ফুটপাথৰ দোকানীয়েহে পিয়াঁজৰ ৮০ টকা লয়। এই অসহায় স্বীকাৰোক্তি যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ। চৰকাৰী দোকানত এতিয়াও পিঁয়াজ ৩৫ টকা দৰত বিক্ৰী হৈ আছে। নিৰ্বাচনৰ বাবেহে প্ৰতিবাদ কৰিছে একাংশই।
নাচিকৰ পৰা অহা পিঁয়াজে এই সমস্যা দূৰ কৰিব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। ফুটপাথৰ যিসকল দোকানীয়ে ৮০টকা লৈ পিঁয়াজ বিক্ৰী কৰিছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ GMDAক নিৰ্দেশ দিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।