ভোট কিনাৰ স্বার্থত ব্যৱহাৰ হৈছিল পি এম কিষাণ আঁচনিৰ ধন
নিয়মীয়া বাৰ্তা ২৫ জুলাইঃ প্রধানমন্ত্রী কৃষক সন্মান নিধিৰ ধনেৰে অসমত ভোট কিনিছিল বিজেপি চৰকাৰে৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আঞ্চলিক দল অসম জাতীয় পৰিষদে৷ শনিবাৰে গুৱাহাটীত এখন সংবাদ মেল সম্বোধন কৰি দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় যে পি এম কিষাণ সন্মান নিধিৰ নামত অসমত ব্যাপক দুর্নীতি–নিয়ম সংঘটিত হৈছে৷
ভাৰত চৰকাৰৰ কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰে যোৱা ২০ জুলাইৰ দিনা লোকসভাত দাখিল কৰা তথ্য অনুসৰি সমগ্র দেশত ৪২ লাখ লোকৰ নাম ভুলক্রমে পি এন কিষাণ আঁচনিত অন্তর্ভুক্ত হৈছিল৷ এনে অযোগ্য লোকক ৬ হাজাৰ টকাকৈ মুঠ ২,৯৯২ কোটি টকা প্রদান কৰা হৈছে৷ অসমত উক্ত আঁচনিৰ অধীনত মুঠ ২৬.৫০ লাখ লোকক বাছনি কৰা হৈছিল৷ যাৰ ভিতৰত ৮.৩৫ লাখ লোকেই অযোগ্য৷ অযোগ্য কৃষকসকলক ৫৫৪ কোটি টকা ভুলক্রমে আদায় দিয়া হৈছিল৷ এই ধনৰাশি ‘অযোগ্য’ কৃষকসকলৰ পৰা ওভতাই লোৱা হ’ব৷
লক্ষণীয় কথাটো হ’ল পি এম কিষাণ সন্মান নিধিৰ ধন প্রদান কৰা হৈছিল ২০২০ চনৰ নৱেম্বৰ মাহৰ পৰা ২০২১ চনৰ মার্চ মাহলৈ৷ এই সময়সীমাৰ পৰা স্পষ্ট হৈ পৰে যে শেহতীয়া বিধানসভা নির্বাচনত ভোট ক্রয় কৰিবলৈ বিজেপি চৰকাৰে পি এম কিষাণ সন্মান নিধিৰ ধন ব্যয় কৰিছিল৷
ইফালে পি এম কিষাণ সন্মান নিধিৰ ৰূপায়ণত হোৱা তথ্য বিভ্রান্তি আঙুলিয়াই দি জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে লগতে কয় যে কেন্দ্রীয় কৃষিমন্ত্রীগৰাকীয়ে সদনত দাখিল কৰা তথ্য অনুসৰি অসমৰ মুঠ ৮.৩৫ লাখ অযোগ্য কৃষকক প্রধানমন্ত্রী কিষাণ সন্মান নিধিৰ ধন আদায় দিয়া হৈছিল৷
আনহাতে যোৱা ৫ জুলাইত কেন্দ্রীয় কৃষি ৰাজ্য মন্ত্রী পুৰুষোত্তম ৰূপালাৰ উপস্থিতিত অসমৰ কৃষিমন্ত্রী অতুল বৰাই সদৰী কৰিছে যে অসমৰ পি এম কিষাণ সন্মান নিধিৰ মুঠ ৩৬ লাখ হিতাধিকাৰীৰ ১১.৭২ লাখক অযোগ্য বিবেচনা কৰা হয়৷ ইয়াৰে ৫ লাখ বর্তমানেও অচিনাক্ত হৈ আছে৷
ইফালে আন এক আৰ টি আই উত্তৰত কৃষি বিভাগে জানিবলৈ দিছিল যে অসমৰ মুঠ ৯,৩৯,১৪৬গৰাকী ভুৱা কৃষকক ধন ঘূৰাই দিবলৈ জনোৱা হৈছে আৰু তাৰে মাত্র ৮১৭গৰাকীয়েহে ধন ওভতাই দিছে৷ অর্থাৎ কৃষি বিভাগৰ নিজৰে কোনো এটা তথ্যৰ মিল নাই৷ হিতাধিকাৰী বাছনি কৰা সময়ত আঁচনিৰ নিয়মাৱলীক মুঠেই গুৰুত্ব দিয়া হোৱা নাছিল৷ এতিয়া ভুৱা বা অযোগ্য হিতাধিকাৰীসকলক ধন ঘূৰাই দিবলৈ কোৱা হৈছে যদিও যিসকল বিষয়া–কর্মচাৰীয়ে অযোগ্য লোকো তালিকাভুক্ত কৰি অনিয়মৰ আশ্রয় লৈছিল, সেইসকলৰ ওপৰত এতিয়ালৈকে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ আঞ্চলিক দলটোৰ নেতৃত্বই ভুৱা হিতাধিকাৰীসকলক তালিকাভুক্ত কৰা বিষয়া–কর্মচাৰীৰ বিৰুদ্ধেও শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰাৰ দাবী উত্থাপন কৰে৷
আনহাতে, ৰাজ্যৰ চাৰিটা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ–নির্বাচনত বিজেপিৰ বিৰুদ্ধে বিৰোধীৰ এজনকৈ প্রার্থী প্রক্ষেপ কৰাৰ পোষকতা কৰে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে৷