নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিএমকেএছৱাই আঁচনিত ২০০ কোটি টকাৰ খেলিমেলি

জলসিঞ্চনত ব্যাপক বিত্তীয় অনিয়ম

নিয়মীয়া বাৰ্তা ২৮ এপ্ৰিলঃ ৰাজ্যত প্রধানমন্ত্রী কৃষি সিঁচাই যোজনা (পি এম কে এছ ৱাই) আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুর্নীতি তথা অনিয়ম সংঘটিত হৈছে৷ উজনি–নামনি, বৰাক–ব্রহ্মপুত্রৰ দুয়োপাৰে থকা কৃষক ৰাইজৰ খেতিপথাৰত পানী যোগান ধৰি বছৰটোৰ ১২ মাহে কৃষিকর্মৰে উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰে দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো পি এম কে এছ ৱাই আঁচনি ৰূপায়ণৰ নির্দেশ দিছিল৷ কৃষক ৰাইজ এই আঁচনিৰ দ্বাৰা কিমান উপকৃত হ’ল, সেয়া দূৰৰ কথা৷ এই আঁচনিৰ জৰিয়তে জলসিঞ্চনত যে ব্যাপক লুণ্ঠন আৰম্ভ হৈছে, সেয়া ইতিমধ্যে স্পষ্ট হৈছে৷ উল্লেখ্য যে আঁচনিখনৰ প্রথম পর্যায়ত ৰাজ্যৰ ১৪খন জিলাৰ ২৫টা সংমণ্ডলৰ অধীনত মুঠ ৪,৭৭৯টা সৌৰশক্তিচালিত আৰু বৈদ্যুতিক চেল’ টিউবৱেল স্থাপনৰ বাবে কেন্দ্রীয় চৰকাৰে প্রথম কিস্তি হিচাপে বিগত বর্ষত ২০০ কোটি টকা জলসিঞ্চন বিভাগক মোকলাই দিছিল৷ নিয়ম অনুসৰি বিভাগীয় যিকোনো আঁচনি ৰূপায়ণৰ সমস্ত দায়িত্ব গ্রহণ কৰিব লাগে বিভাগটোৰ মুখ্য অভিযন্তাগৰাকীয়ে৷ কিন্তু বিভাগীয় মন্ত্রী ভৱেশ কলিতাৰ অতি ঘনিষ্ঠ হোৱা সূত্রে চৰকাৰী সকলো নীতি–নিয়ম উলংঘা কৰি কেন্দ্রৰ পৰা অহা ধনৰ চোৱাচিতা কৰা তথা ব্যয় কৰা আদিকে ধৰি সকলো দায়িত্ব লাভ কৰে গুৱাহাটী সংমণ্ডলৰ ভাৰপ্রাপ্ত কার্যবাহী অভিযন্তা মনেশ্বৰ ডেকাই৷

তদুপৰি পি এম কে এছ ৱাই আঁচনিৰো সমস্ত দায়িত্ব গ্রহণ কৰে এইগৰাকী কার্যবাহী অভিযন্তাই৷ জলসিঞ্চনত মুখ্য অভিযন্তা তথা অতিৰিক্ত মুখ্য অভিযন্তা থকাৰ পাছতো এগৰাকী সহকাৰী কার্যবাহী অভিযন্তা হিচাপে কার্যনির্বাহ কৰি থকা মনেশ্বৰ ডেকাই কিদৰে এই আঁচনি ৰূপায়ণ বা পুঁজি ব্যয়ৰ দায়িত্ব লাভ কৰিলে, তাক লৈ এতিয়া বিভাগটোতে আৰম্ভ হৈছে নানা চর্চা তথা বিতর্ক৷ এনে চর্চাৰ মাজতে শেহতীয়াকৈ উত্থাপন হৈছে আন এক অভিযোগ৷ অভিযোগ অনুসৰি কেন্দ্রই মুকলি কৰা প্রথম কিস্তিৰ ২০০ কোটি টকাৰ কাম শেষ নৌহওঁতেই অতি কৌশলেৰে সহকাৰী কার্যবাহী অভিযন্তা মনেশ্বৰ ডেকা আৰু বিভাগীয় সচিবে দ্বিতীয় কিস্তিৰ ১৮৭ কোটি টকা মোকলাই নিবলৈ সক্ষম হৈছে৷ পৰিতাপৰ বিষয়টো হ’ল যে আঁচনিখনৰ ৫০ শতাংশ কামো সম্পূর্ণ কৰিবলৈ সক্ষম নোহোৱা বিভাগটোৱে যোৱা ডিচেম্বৰ মাহতেই প্রতিটো সৌৰচালিত চেল’ টিউবৱেলৰ বিপৰীতে ৬ লাখ আৰু বৈদ্যুতিক চেল’ টিউবৱেলৰ বাবে ৪.২০ লাখ টকাৰ পৰা ৪.৫০ লাখ টকা পর্যন্ত ধার্য কৰি এশ শতাংশ কাম সম্পূর্ণ হোৱা বুলি কেন্দ্রৰ ওচৰত ভুৱা ব্যৱহাৰিক প্রমাণ–পত্র দাখিল কৰিছে৷

বিভাগটোৰ এক সূত্রই প্রকাশ কৰা তথ্য অনুসৰি যোৱা ১৫ মার্চলৈ ৪০৫টা বৈদ্যুতিক আৰু ১,৪৪৫টা সৌৰচালিত চেল’ টিউবৱেলহে বিভাগে কার্যক্ষম কৰিবলৈ সক্ষম হৈছে৷ ইমানৰ পাছতো মনেশ্বৰ ডেকা বাহিনীয়ে আঁচনিখনৰ দ্বিতীয় কিস্তিৰ ১৮৭ কোটি টকা মোকলাই আনিবলৈ কেন্দ্রৰ ওচৰত ভুৱা তথ্য দাখিল কৰাই নহয়, ইতিমধ্যে উক্ত ১৮৭ কোটি টকাৰ কাম কোন কোন ঠিকাদাৰক আবণ্টন দিব লাগে, তাৰো এখন তালিকা চূড়ান্ত কৰিছে৷ মন কৰিবলগীয়া যে প্রাক্তন মন্ত্রী নুৰজামাল সৰকাৰৰ কার্যকালত এ আই বি পি আঁচনিখনত সংঘটিত বিয়াগোম কেলেংকাৰিৰ দৰে এই পি এম কে এছ ৱাই আঁচনিখনতো বিভাগীয় সচিব আৰু অভিযন্তাই কিদৰে বিত্তীয় খেলিমেলিত নামি পৰিছে, সেয়া তদন্ত হ’লে প্রকৃত তথ্য পোহৰলৈ আহিব৷

You might also like