আৰক্ষীয়ে ধ্বংস কৰিলে চৰৰ ২০ বিঘা ভূমিৰ আফিং খেতি
নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ ড্রাগ্ছ আৰু অন্যান্য নিচাজাতীয় সামগ্রীৰ বিৰুদ্ধে নতুন চৰকাৰখনে গ্রহণ কৰা কঠোৰ স্থিতি অব্যাহত আছে৷ আজি এইক্ষেত্রত আন এক বৃহৎ সাফল্য লাভ কৰিছে অসম আৰক্ষীয়ে৷ গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তর্গত বিভিন্ন চৰ অঞ্চলত অবৈধভাৱে কৰা ২০ বিঘা ভূমিৰ আফিং খেতি ধ্বংস কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷ প্রাপ্ত তথ্য অনুসৰি, চুনাৰিৰ লতিবাৰী চৰ, বামুণেৰ আলগা চৰ, শিয়ালমাৰী আৰু চোলাকুৰা চৰ আদি অঞ্চলত দীর্ঘদিন ধৰি একাংশ লোকে অবৈধভাৱে আফিং খেতি কৰি আহিছিল৷ এই সন্দর্ভত আৰক্ষী–প্রশাসন অৱগত হোৱাৰ পাছতে আজি অভিযান আৰম্ভ কৰে৷ জিলাখনৰ আৰক্ষী অধীক্ষক পি ভি ভি ৰাকেশ ৰেড্ডীৰ নির্দেশনাত চৰ অঞ্চলসমূহত গোৱালপাৰা আৰক্ষীয়ে অভিযান চলায় আৰু বিঘাই বিঘাই আফিং খেতি ধ্বংস কৰে৷ লক্ষীপুৰ ৰাজহ চক্র বিষয়া ৰাজীৱ গগৈৰ উপস্থিতিত আৰু আৰক্ষী বিষয়া ভীমকান্ত পেগুৰ সহযোগত যন্ত্রচালিত নাৱেৰে উপস্থিত হোৱা আৰক্ষীৰ দলটোৱে এই আফিং খেতি নষ্ট কৰে৷ প্রায় ২০ বিঘা ভূমিৰ আফিং খেতি ট্রেক্টৰেৰে নষ্ট কৰে অভিযানকাৰী আৰক্ষী–প্রশাসনৰ দলটোৱে৷