নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ প্রত্যুত্তৰ: দুমাহ পিছতে বিৰোধীক ৰাজনীতি দেখুৱাম

নিয়মীয়া বার্তা, ২৬ জুলাইঃ ক’ৰোনা যুদ্ধৰ সমান্তৰালভাৱে ৰাজ্যৰ ৰাজনীতিত আৰম্ভ হৈছে আসন্ন বিধানসভা নির্বাচনৰ ৰাজনৈতিক যুঁজ৷ আগন্তুক বিধানসভা নির্বাচনৰ জৰিয়তে কোনে ৰাজ্যৰ শাসনভাৰ দখল কৰে তাকে লৈ শাসক–বিৰোধীৰ মাজত তুংগত উঠিছে ৰাজনৈতিক যুদ্ধ৷ উল্লেখ্য যে যোৱা কিছুদিনৰ পৰা বিৰোধী দল কংগ্রেছে ক’ৰোনাক লৈ বিজেপিয়ে ৰাজনীতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছে৷ ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দুদিনমান পূর্বে সাম্প্রতিক সময়ত কংগ্রেছে কৰা তেনে ৰাজনীতিৰ ক্ষুৰধাৰ সমালোচনা কৰি কয় যে বর্তমান তেওঁলোক ক’ৰোনা যুঁজত ব্যস্ত হৈ আছে৷ বিৰোধী কংগ্রেছকে ধৰি একাংশ দল–সংগঠনে মানুহৰ মৃত্যুক লৈ ৰাজনীতি কৰিব বিচাৰিছে৷ কংগ্রেছকে ধৰি তেওঁলোকে এতিয়া খোলা গ’ল প’ষ্টত কিমান গ’ল দিয়ে দি থাকক৷ ক’ৰোনা অধ্যায় শেষ হোৱাৰ পিছতেই প্রতিদিনে তেওঁ নিজেই তেওঁলোকক এশটাকৈ গ’ল দিব৷ মন্ত্রী ড০ শর্মাৰ সেই মন্তব্য সম্পর্কত কংগ্রেছৰ পিছত এইবাৰ একেই সুৰতে প্রতিক্রিয়া ব্যক্ত কৰিছে বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ দলে৷

এআইইউডিএফৰ সাংগঠনিক সাধাৰণ সম্পাদক আমিনুল ইছলামে আজি সংবাদ মাধ্যমৰ আগত এই সম্পর্কত প্রতিক্রিয়া ব্যক্ত কৰি কয়– ‘ফিল্ডলৈ আহক৷ আমিও খেলিম৷ আমি যৌথভাৱে যুঁজ কৰিম৷’ মন্ত্রী ড০ শর্মাক প্রত্যাহ্বান জনাই তেওঁ কয়– ‘ফিল্ডলৈ আহক, খেলা হ’ব৷ আমিও খেলা কৰিম৷ খেলত হৰা–জিকা থাকে৷ কিন্তু আপুনি ১০০ গ’ল দিব, চেঞ্চুৰী দিব, আমি বহি থাকিম, সেইটো হ’ব নোৱাৰে৷ সেইটো সম্ভৱ নহয়৷ আপুনিও খেলুৱৈ, আমিও খেলুৱৈ৷ আমিও ফিল্ডত থাকিম, যৌথভাৱে লড়াই কৰিম৷ ফিল্ডত সমভাৱে নামিম৷’ মন কৰিবলগীয়া এয়ে যে এআইইউডিএফৰ সাংগঠনিক সাধাৰণ সম্পাদকগৰাকীৰ আজিৰ এই ভাষ্যতে অহা বিধানসভা নির্বাচনত তেওঁলোক যে কংগ্রেছৰ সৈতে যৌথভাৱে নির্বাচনী ৰণত অৱতীর্ণ হ’ব, সেয়া স্পষ্ট হৈ পৰিছে৷ ইপিনে, কংগ্রেছ–এআইইউডিএফৰ্ প্রত্যাহ্বানৰ প্রত্যুত্তৰ দি বিজেপিয়ে অহা দুমাহ পিছত বিৰোধীক ৰাজনীতি শিকোৱাৰ লগতে ৰাজনীতি দেখুওৱাৰ হুংকাৰ দিছে৷

ৰাজ্যিক বিজেপিৰ মুখপাত্র জয়ন্ত মল্ল বৰুৱাই আজি এই সম্পর্কত সংবাদ মাধ্যমৰ আগত বিৰোধীৰ ভূমিকাক সমালোচনা কৰি কয় যে এতিয়া ৰাজনীতি কৰাৰ সময় নহয়৷ বিৰোধীয়ে এই দুর্যোগৰ সময়ত ৰাজনীতি কৰাৰ পৰিৱর্তে ৰাইজৰ ওচৰলৈ গৈ ৰাইজক সেৱা কৰা উচিত৷ দুমাহ পিছত বিজেপিয়ে ৰাজনৈতিক কথাবতৰা পাতিব৷ সৎ সাহস আছে যদি বিৰোধীয়ে দুমাহ পিছত ৰাজনীতি কৰক৷ মৃতদেহক লৈ বিৰোধীয়ে কৰিব বিচৰা ৰাজনীতি সফল হ’বলৈ দিয়া নহ’ব বুলি উল্লেখ কৰি বৰুৱাই কয় যে দুমাহ পিছত পৰিস্থিতি যেতিয়া উন্নত হ’ব, তেতিয়া বিজেপিয়ে বিৰোধীক ৰাজনীতি শিকাব, ৰাজনীতি দেখুৱাব৷ স্বাভাৱিকতে শাসক–বিৰোধীৰ এনেধৰণৰ প্রত্যাহ্বান, কটাক্ষৰ ঘটনাৰাজিয়ে ক’ৰোনাৰ সমান্তৰালভাৱে ৰাজ্যত যে ইতিমধ্যে নির্বাচনী বতাহ আৰম্ভ হৈছে, তাৰেই ইংগিত বহন কৰে৷

You might also like