নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোনে ক’লে কাক- মোদীক ‘চাইৱালা’ বুলি ঠাট্টা কৰাসকল এতিয়া চাহপাত তোলাত ব্যস্ত

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি অসমলৈ আগমন ঘটিছে বহু হাইপ্ৰফাইল নেতাৰ। আজি বিজেপিৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অসমৰ হোজাইৰ এক নিৰ্বাচনী সভাত অংশ লয়।

নিৰ্বাচনী সভাত সিঙে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘চাইৱালা’ বুলি ঠাট্টা কৰা লোকসকলে এতিয়া চাহপাত তুলি আছে। হোজাই জিলাৰ লামডিঙত এক নিৰ্বাচনী সমদলত অংশ লৈ ৰাজনাথ সিঙে এই কথা কয়।

কংগ্ৰেছক ব্যংগ কৰি তেওঁ লগতে কয়- “প্ৰকৃত ‘চাইৱালা’ই তেওঁলোকক চাহ বাগিচালৈ আনিছে। কিন্তু সাৱধান হওক, প্ৰকৃত আৰু প্ৰমাণ-পত্ৰধাৰী ‘চাইৱালা’ আমাৰ সৈতে আছে।”

উল্লেখ্য, কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভদ্ৰাই অসমলৈ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে অহাৰ সময়ত বিশ্বনাথ জিলাৰ এখন চাহ বাগিচাত চাহ কৰ্মীসকলৰ সৈতে সময় অতিবাহিত কৰিছিল আৰু পিঠিত বাস্কেট লৈ চাহকৰ্মীসকলৰ সৈতে তেওঁ চাহপাতো তুলিছিল।

আনহাতে, কংগ্ৰেছ নেতা আৰু দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়েও শেহতীয়াকৈ অসম ভ্ৰমণত প্ৰতিশ্ৰুতি দিছিল যে তেওঁৰ দলে চাহ শ্ৰমিকসকলৰ বাবে দৈনিক ৩৬৫ টকা ভাট্টা প্ৰদান কৰিব।

চাহ বাগানৰ ভোটাৰে উজনি অসমৰ ৰাজনীতিত পেলোৱা বহুল প্ৰভাৱৰ বাবে এতিয়া ভিন্ন ৰাজনৈতিক দলৰ মাজত ‘চাহ’ বিষয়টো নিৰ্বাচনী ইছ্যুৰ ৰূপ লৈছে।

You might also like