নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাৰ দুৰৱস্থাত উদ্বেগ প্রিন্স উইলিয়ামছৰ

নিয়মীয়া বাৰ্তা, ২৫ জুলাইঃ  বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত গুৰুতৰ ৰূপ ধাৰণ কৰিছে বানে৷ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ এতিয়া বানৰ তাণ্ডৱ৷ এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ বিস্তীর্ণ অঞ্চল প্লাৱিত হৈছে বাঢ়নী পানীত৷ বানত ক্ষতিগ্রস্ত জীৱ–জন্তুৱে আশ্রয় বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত বানপানীৰ বাবে সৃষ্টি হোৱা এই ভয়াৱহ পৰিস্থিতিত উদ্বিগ্ণতা প্রকাশ কৰিছে ইংলেণ্ডৰ যুৱৰাজ উলিয়াম আৰু তেওঁৰ পত্নী কেট মিডলটনে৷

ৰাষ্ট্রীয় উদ্যানখনৰ সঞ্চালকলৈ প্রেৰণ কৰা এখন পত্রত কাজিৰঙাৰ বান পৰিস্থিতিক লৈ তেওঁ উদ্বিগ্ণতা প্রকাশ কৰে৷ কালি কাজিৰঙা ৰাষ্ট্রীয় উদ্যান কর্তৃপক্ষই লাভ কৰা এই পত্রখনত ডিউক অৱ কেম্ব্রিজ যুৱৰাজ উইলিয়ামে এইবুলি লিখিছে– ‘২০১৬ চনৰ এপ্রিলত কাজিৰঙা ভ্রমণ আমাৰ বাবে আছিল এক মধুৰ স্মৃতি৷ কিন্তু বর্তমানৰ পৰিস্থিতিৰ কথা জানি অত্যন্ত দুখ পাইছোঁ৷ এশিঙীয়া গঁড়কে ধৰি বিভিন্ন বন্যজন্তুৰ মৃত্যু অত্যন্ত দুখদায়ক৷ আমাৰ ভ্রমণৰ সময়ছোৱাত আমি কাজিৰঙাৰ কর্মচাৰীসকলৰ বন্য জীৱ–জন্তুৰ সুৰক্ষাৰ প্রতি থকা দায়বদ্ধতা অনুভৱ কৰিব পাৰিছিলোঁ৷ কাজিৰঙাৰ জীৱ–জন্তুবোৰক উদ্ধাৰৰ বাবে আপোনালোকে কৰি অহা কামৰ বাবে আমি কৃতজ্ঞ৷

ক’ভিড–১৯ৰ এই জটিল সময়ৰ মাজত বানপানীয়ে অসমৰ জীৱন–জীৱিকালৈ অনা ভাবুকি আৰু বহু লোকৰ প্রাণহানিৰ ঘটনাই আমাক দুখ দিছে৷ ক্ষতিগ্রস্তসকলৰ প্রতি আমাৰ সহমর্মিতা প্রকাশ কৰিছোঁ৷’ ইফালে এই পত্রখন লাভ কৰাৰ পিছতে প্রতিক্রিয়া প্রকাশ কৰিছে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে৷ তেওঁ কয়– ৰাজকুমাৰৰ এই পত্রই আমাক যথেষ্ট উৎসাহিত কৰিছে৷ এই জটিল সময়ত এনেধৰণৰ বার্তাই কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ কর্মচাৰীসকলক নৈতিকভাৱে উৎসাহিত কৰিছে বুলিও তেওঁ সদৰী কৰে৷

You might also like