নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত প্রিয়ংকা গান্ধী

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ অসমত নির্বাচনী প্রচাৰ চলাবলৈ আজি দুদিনীয়া কার্যসূচীৰে ৰাজ্যখনলৈ আহিছে নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদিকা প্রিয়ংকা গান্ধী ভদ্রা৷  আজি পুৱাৰ ভাগতে গুৱাহাটীত উপস্থিত হৈ কংগ্রেছ নেত্রীগৰাকী পোনে পোনে কামাখ্যা মন্দিৰলৈ যায়৷

কামাখ্যাত সেৱা লৈ তেওঁ লখিমপুৰলৈ উৰা মাৰিব৷ লখিমপুৰ বিধানসভা সমষ্টিৰ সোণাৰি গাঁওপঞ্চায়তত উপস্থিত হৈ প্রিয়ংকাই এক কার্যসূচীত অংশগ্রহণ কৰিব৷ তাৰ পাছতে উত্তৰ লখিমপুৰ কলেজ খেলপথাৰত উত্তৰ অসম আৰু উজনি অসমৰ ১০খন জিলাৰ কংগ্রেছ নেতৃত্বৰ লগতে প্রদেশ কংগ্রেছৰ বিষয়ববীয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হ’ব৷ সেই অনুষ্ঠানৰ পাছতেই লখিমপুৰৰ নিবনুৱাসকলৰ এক প্রতিবাদী কার্যসূচীত অংশ ল’ব কংগ্রেছ নেত্রীগৰাকীয়ে৷

ইয়াৰ পাছতে তেওঁ লেতেকুপুখুৰীস্থিত শ্রীশ্রী মাধৱদেৱৰ জন্মস্থানলৈ যাব৷ সেই কার্যসূচীৰ পাছত তেওঁ গহপুৰলৈ আহি স্বাধীনতা সংগ্রামী শ্বহীদ কনকলতা বৰুৱাৰ প্রতিমূর্তিত শ্রদ্ধাঞ্জলি নিবেদন কৰি গহপুৰত মহিলা চাহ শ্রমিক আৰু আত্মসহায়ক গোটৰ সৈতে মত বিনিময় কৰিব৷ নিশাটো তেওঁ বিশ্বনাথত কটাই ২ মার্চৰ পুৱাৰ ভাগত সাধাৰু চাহ বাগিচালৈ যাব৷ চাহ বাগিচাখনত তেওঁ মহিলা চাহ শ্রমিকসকলৰ সৈতে মত বিনিময় কৰি তেজপুৰলৈ যাব আৰু মহাভৈৰৱ মন্দিৰত পূজা আগবঢ়াব৷ তাৰ পাছতে তেওঁ তেজপুৰত এখন বিশাল জনসভাত অংশগ্রহণ কৰিব৷ সেই জনসভাৰ পাছতেই তেজপুৰ বিমানবন্দৰৰ পৰা বিশেষ বিমানযোগে তেওঁ নতুন দিল্লীলৈ উৰা মাৰিব৷

You might also like