প্রদ্যুম্ন কুমাৰ গগৈক মুনীন বৰকটকী বঁটা
নিয়মীয়া বাৰ্তা ১৬ নৱেম্বৰঃ সু–সাহিত্যিক, সমালোচক, সাংবাদিক প্রয়াত মুনীন বৰকটকীৰ পুণ্য স্মৃতিত ‘মুনীন বৰকটকী স্মাৰক ন্যাস’ৰ তৰফৰ পৰা অসমীয়া ভাষাৰ প্রতিভাশালী তৰুণ লেখক–লেখিকাসকলক্ উদগনি যোগাবলৈ প্রদান কৰি অহা মুনীন বৰকটকী সাহিত্য বঁটা, ২০২১ আজি ঘোষণা কৰা হৈছে৷ ২০২১ বর্ষৰ ২৭সংখ্যক মুনীন বৰকটকী সাহিত্য বঁটা ‘চকী আৰু অন্যান্য গল্প’ শীর্ষক চুটিগল্প সংকলনৰ বাবে আগবঢ়োৱা হৈছে অসমীয়া ভাষাৰ প্রতিশ্রুতিসম্পন্ন তৰুণ কাহিনীকাৰ প্রদ্যুম্ন কুমাৰ গগৈলৈ৷ ১৯৯৫ চনৰ পৰা অসমীয়া ভাষাৰ ন–লেখক–লেখিকাসক উদগনি যোগোৱাৰ উদ্দেশ্যে প্রদান কৰি অহা এই বঁটাত আছে নগদ ৫০ হাজাৰ টকা, এটা স্মাৰক আৰু এখন প্রশস্তি পত্র৷