নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিবাদী মহিলা কৃষকক প্রহাৰ আৰক্ষীৰ

নগাঁৱৰ মিকিৰ বামুণীগাঁৱত থলুৱাক উচ্ছেদ কৰি পুঁজিপতিক ভূমি প্রদানৰ ষড়যন্ত্র

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ  নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তর্গত মিকিৰ বামুণীগাঁৱত পুনৰ আজি থলুৱা লোকৰ ওপৰত আৰক্ষীয়ে নির্যাতন চলোৱা কার্যই অঞ্চলটোত তীব্র প্রতিক্রিয়া সৃষ্টি কৰিছে৷ উল্লেখ্য যে মিকিৰ বামুণী গ্রাণ্টৰ কৃষকসকলৰ কৃষিভূমি ‘আজুৰ’ কোম্পানীক পাৱাৰ প্রকল্প স্থাপনৰ বাবে অসম চৰকাৰৰ নির্দেশনাত নগাঁও জিলা প্রশাসনে আবণ্টন দিয়াক কেন্দ্র কৰি আজি কিছুদিনৰ পৰা অঞ্চলটো উত্তেজনাময় হৈ আছে৷ আজি পুৱাৰ ভাগত পুৰণিগুদাম পাৰঘাট আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষী আৰু চি আৰ পি এফ বাহিনীৰ দলে অতর্কিতে ৰায়তি খতিয়ানপ্রাপ্ত কৃষকসকলৰ জেওৰা ভাঙিবলৈ আৰম্ভ কৰে৷ আৰক্ষীৰ এনে কার্যত মিকিৰ বামুণী গ্রাণ্টৰ মহিলাসকলে প্রতিবাদ কৰাত আৰক্ষী আৰু চি আৰ পি এফ বাহিনীয়ে মহিলাসকলৰ ওপৰত নির্বিচাৰ অত্যাচাৰ চলায়৷ গোৰ, লাথি আদিৰে মহিলাক আক্রমণ কৰাত প্রায় ১৬গৰাকী মহিলা আহত হয় বুলি জানিব পৰা গৈছে৷ তদুপৰি আৰক্ষীয়ে পথেৰে গৈ থকা বুকু মার্ডি নামৰ এজন কৃষকক গুৰুলা–গুৰুলকৈ পিটি আটক কৰি লৈ যায়৷ এনেদৰে মহিলা কৃষকক আৰক্ষীয়ে নির্যাতন চলোৱা কার্যক বিভিন্ন মহলে গৰিহণা দিছে৷ নিখিল ভাৰত কৃষক সভাৰ নগাঁও জিলা সমিতিয়ে এই ঘটনাৰ তীব্র গৰিহণা দি এই ঘটনাৰ লগত জডিত আৰক্ষীক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে৷ উল্লেখ্য যে ইয়াৰ আগতো আৰক্ষী প্রশাসনে কেইবাবাৰো অঞ্চলটোৰ কৃষকসকলক নির্যাতন চলোৱাৰ লগতে ১৪জনকৈ কৃষকক কাৰাগাৰলৈ প্রেৰণ কৰিছিল৷ নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্রৰ অন্তর্গত চলচলি মৌজাৰ মিকিৰ বামুণী গ্রাণ্টৰ কৃষকক ১৯৭৯–৮০ চনত চক্র বিষয়া কার্যালয়ৰ পৰা দিয়া খতিয়ানৰ নথি আছে৷ কোনোধৰণৰ ক্ষতিপূৰণ নিদিয়াকৈ কাঢ়ি নিয়া হৈছে কৃষকৰ মাটি৷ এতিয়া ‘আজুৰ’ নামৰ ছ’লাৰ পাৱাৰ কোম্পানীক এই ভূমি গতাই দিয়াৰ ষডযন্ত্র কৰিছে চৰকাৰে৷ কোম্পানীক মাটি গতাই দিবৰ বাবে আজি ১০ বছৰ ধৰি খেতি কৰা নাই বুলি চৰকাৰে ভুৱা নথিপত্র দাখিল কৰিছে৷ ৰায়তি খতিয়ানপ্রাপ্ত কৃষকসকলে যুগ যুগ ধৰি এই ভূমিত খেতি কৰি আহিছে৷ জাতি, মাটি, ভেটি শ্লোগানেৰে ক্ষমতা দখল কৰা বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰৰ দিনত এতিয়া থলুৱা কৃষকক উচ্ছেদ কৰি পুঁজিপতিক মাটি গতাব বিচৰা কার্যক সকলোৱে ধিক্কাৰ দিছে৷

You might also like