নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোৱাৰেণ্টাইনত থকা সকলৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ ৰাইজক অনুৰোধ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা,৩০ মেঃ বহিঃৰাজ্যৰ পৰা অহা লোকসকলক ১৭দিনৰৰ কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে চৰকাৰে। ৭দিন হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে। হোম কোৱাৰেণ্টাইন থকা লোকসকলে হোম কোৱাৰেণ্টাইন নামানিলে সামাজিক সংক্ৰমণ বৃদ্ধি হ’ব পাৰে। গতিকে কোৱাৰেণ্টাইনত থকা লোকসকলৰ ওপৰত চোকা নজৰ ৰখাৰ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এনে লোকসকলক ঘৰত ৰখাৰ বিপৰীতে কোনো স্কুলত ৰখাৰ ব্যৱস্থা কৰক। কোৱাৰেণ্টাইন সম্পূৰ্ণ নোহোৱালৈকে কোনো লোকক ঘৰলৈ আহিবলৈ নিদিব। এনে কৰিলে সম্গ্ৰ পৰিয়ালটোলৈ সংশয় নামি আহিব বুলিও মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই।

You might also like