নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহিষ্কাৰৰ পাছতে ৰাজদীপ গোৱালাৰ বিস্ফোৰণ: অনুশাসনহীন কংগ্রেছ পৰিণত হৈছে এটা প্রাইভেট কোম্পানীত

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ কংগ্রেছৰ পৰা বহিষ্কাৰৰ পাছতে বিস্ফোৰক মন্তব্য কৰিছে লক্ষীপুৰৰ বিধায়ক ৰাজদীপ গোৱালাই৷ বিজেপিত যোগদানৰ প্রস্তুতি চলোৱা বিধায়ক গোৱালাই শনিবাৰে মুকলিকৈ তীক্ষ্ণ সমালোচনা কৰে কংগ্রেছ নেতৃত্বক৷ ছয় বছৰৰ বাবে বহিষ্কাৰ কৰা সন্দর্ভত কংগ্রেছে আনুষ্ঠানিকভাৱে কোনো কথা জনোৱা নাই বুলি উল্লেখ কৰি তেওঁ সংবাদ মাধ্যমৰ আগত কয়– এই সম্পর্কত দলে মোলৈ কোনো ধৰণৰ পত্র আদি প্রেৰণ কৰা নাই৷ কেৱল সংবাদ মাধ্যমৰ জৰিয়তেহে দলবিৰোধী কার্যকলাপত লিপ্ত থকাৰ বাবে মোক বহিষ্কাৰ কৰা বুলি শুনিছোঁ৷ কংগ্রেছত অনুশাসন বুলি কোনো কথা নাই৷ কংগ্রেছ দলটো এতিয়া এটা প্রাইভেট কোম্পানীত পৰিণত হৈছে৷ তেনে প্রাইভেট কোম্পানীৰ লগত জড়িত নথকাটোৱে ভাল৷ এই প্রসংগত তেওঁ বিগত ৰাষ্ট্রপতি নির্বাচনৰ কথা উল্লেখ কৰে৷

বিধায়ক গোৱালাই কয় যে যোৱা ৰাষ্ট্রপতি নির্বাচনত দলে হুইপ দিয়া সত্ত্বেও সাংসদ ৰাণী নৰহে কংগ্রেছ প্রার্থী মীৰা কুমাৰক ভোট নিদিলে৷ কিন্তু আজিলৈকে কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নহ’ল৷ যোৱা কিছু বছৰৰ পৰা কংগ্রেছে জনসাধাৰণৰ আস্থা হেৰুৱাইছে বুলিও তেওঁ মন্তব্য কৰে৷ কংগ্রেছৰ পৰা বহিষ্কাৰ হোৱাৰ পাছত এতিয়া বিজেপিত যোগদান কৰিব নেকি বুলি সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত তেওঁ কয় যে অহা দিনবোৰত আপোনালোকে এই সম্পর্কে খবৰ পাব৷

ইতিমধ্যে বিজেপিৰ শিলচৰৰ নেতৃত্বৰ লগত কথা–বতৰা হৈছে৷ ইফালে, কংগ্রেছৰ পৰা বহিষৃকত বৰখলা সমষ্টিৰ প্রাক্তন বিধায়িকা ডাঃ ৰুমী নাথেও এই বিষয়ে আনুষ্ঠানিকভাৱে অৱগত হোৱা নাই বুলি জানিবলৈ দিয়ে৷ তেওঁ কয়– মই এই কথাত আশ্চর্যান্বিত হৈছোঁ৷ ছ’চিয়েল মিডিয়াৰ জৰিয়তেহে মোক বহিষ্কাৰ কৰাৰ কথা শুনিছোঁ৷ এতিয়া কোন দলত যোগদান কৰিব, সেই সন্দর্ভত ডাঃ নাথে সিদ্ধান্ত লোৱা নাই বুলি সদৰী কৰে৷ অৱশ্যে ২০২১ চনৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ কথা স্পষ্টভাৱে উল্লেখ কৰে তেওঁ৷

You might also like