নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিৰ বাথানৰ বহাগী উৎসৱত ৰঞ্জিত ভট্টাচাৰ্য

বিশেষ বাৰ্তা, ৩০ এপ্ৰিলঃ বিহু আমাৰ সমন্বয়ৰ সংস্কৃতি আৰু অসমীয়া জাতিৰ আয়ুস ৰেখা ৷ বিহুৱে সাম্প্ৰতিক সময়ত অসমীয়া জাতিক এক সাংস্কৃতিৱান জাতি হিচাবে বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰিছে। বিহুৱে অসমীয়া জাতিক যুগ যুগ ধৰি একতাৰ এনাজৰীৰে বান্ধি ৰাখিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি এক ইতিহাস গঢ়িবলৈ সক্ষম হৈছে৷ অসমৰ নতুন প্ৰজন্মই এই বিনন্দীয়া বিহু সংস্কৃতিক যুগ যুগান্তৰলৈ সজীৱ কৰি ৰাখিব লাগিব৷ এই মন্তব্য মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক তথা ৰাজ্যিক কিষাণ মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্যৰ৷ কালি নিশা ১০ বজাত বাথান জন জাগৰণ যুৱ শক্তিৰ উদ্যোগত অনুষ্ঠিত ২৪সংখ্যক বহাগী উৎসৱত নিৰ্দিষ্ট বক্তা হিচাবে অংশ গ্ৰহণ কৰি তেওঁ পুনৰ কয় যে অসমৰ প্ৰতিগৰাকী যুৱক যুৱতীয়ে বিহু ঢোল, পেপাঁ , গগণা আদি বজাব শিকিব লাগিব ৷ যুৱতীসকলে বিহু নচাৰ লগতে বিহুগীত গাবও জানিব লাগিব৷ তেতিয়াহে বিহু সংস্কৃতি চিৰযুগমীয়া হৈ থাকিব ৷ তেওঁ বিহুৰ মঞ্চতে কণ্ঠশিল্পী কল্লোল বৰঠাকুৰৰ সৈতে এটি বিহুগীত পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে৷ আদৰণী সমিতিৰ তৰফৰ পৰা জাপি, গামোচা আদিৰে তেওঁ আদৰণি জনোৱা হয়৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সহায়ক দিগন্ত শৰ্মা প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

প্ৰেৰক দিলীপ মেধি

You might also like