নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঞ্জিত দাসৰ সমীকৰণ কংগ্রেছ–ইউডিএফে পাব ২২ আসন

মৰাণ ছাত্র সন্থাৰ প্রাক্তন সভাপতিৰ বিজেপিত যোগদান

নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ বিধানসভা নির্বাচনৰ বাবে প্রচাৰ অভিযান তীব্রতৰ কৰাৰ সময়তে অহা ১১–১২ জানুৱাৰীত দুদিনীয়া কার্যসূচীৰে গুৱাহাটীত উপস্থিত হ’ব দলটোৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা৷ মুখ্যতঃ দলৰ নির্বাচনী স্থিতি তথা সাংগঠনিক দিশৰ বিস্তৃত তথ্য সংগ্রহৰ বাবে গুৱাহাটীত উপস্থিত হ’ব লগা ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে ৰাজ্যিক বিজেপিৰ ক’ৰ কমিটীৰ সৈতে অনুষ্ঠিত কৰিব এক গুৰুত্বপূর্ণ বৈঠক৷ উল্লেখ্য যে যোৱা ২৬ ডিচেম্বৰত তিনিদিনীয়া ভ্রমণসূচীৰে গুৱাহাটীলৈ আহিছিল দলটোৰ শীর্ষ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ গৃহমন্ত্রীগৰাকীৰ উপস্থিতিতেই বিজেপি আৰু মিত্রদলসমূহৰ এক গুৰুত্বপূর্ণ বৈঠক সম্পন্ন হৈছিল৷ অমিত শ্বাহৰ ভ্রমণৰ পাছতেই ৰাজ্যিক প্রভাৰী বৈজয়ন্ত জয় পাণ্ডাই উজনি–নামনি অসম ভ্রমণ কৰি দলৰ সাংগঠনিক দিশসমূহৰ বুজ লৈ আছে৷ এনে সময়তে পুনৰ জে পি নাড্ডাৰ আগমন ৰাজ্যিক বিজেপিৰ বাবে যথেষ্ট ব্যস্ততাপূর্ণ সময় ৰূপে পৰিগণিত হৈছে৷ ৰাজ্যিক বিজেপিৰ এক শীর্ষ সূত্রই প্রকাশ কৰা অনুসৰি ২০ ফেব্রুৱাৰীৰ পাছত দলে আনুষ্ঠানিকভাৱে নির্বাচনী প্রচাৰ আৰম্ভ কৰিব৷

এইক্ষেত্রত ৰাজ্যিক বিজেপিয়ে কি কি প্রধান ইছ্যু লৈ ৰাইজৰ ওচৰলৈ যাব, দলৰ ৰণকৌশল কি হ’ব, মিত্রদলৰ সৈতে আসন বুজাবুজি কিধৰণৰ হ’ব এই সকলো বিষয় জে পি নাড্ডাৰ সৈতে মুকলিকৈ আলোচনা হ’ব৷ কার্যতঃ এই বৈঠকতে বিধানসভা নির্বাচনৰ কেইবাটাও দিশ ৰাষ্ট্রীয় সভাপতিগৰাকীৰ ওচৰত স্পষ্ট কৰিব ৰাজ্যিক কমিটীয়ে৷ মন কৰিবলগীয়া যে অহা ২৪ জানুৱাৰীত পুনৰ অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ অমিত শ্বাহৰ আগমনৰ পূর্বে জে পি নাড্ডাৰ এই দুদিনীয়া ভ্রমণ ৰাজ্যিক বিজেপিৰ বাবে যথেষ্ট গুৰুত্বপূর্ণ হৈ পৰিছে৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি জে পি নাড্ডাৰ ভ্রমণৰ পাছতেই ৰাজ্যিক প্রভাৰী বৈজয়ন্ত জয় পাণ্ডাই ৰাজ্যিক বিজেপিৰ নির্বাচনৰ প্রস্তুতি সন্দর্ভত কেন্দ্রীয় নেতৃত্বলৈ এক প্রতিবেদন প্রেৰণ কৰিব৷ এই প্রতিবেদন পর্যালোচনাৰ পাছতেই অসমলৈ আহিব লগা অমিত শ্বাহে ৰাজ্যিক নেতৃত্বক এলানি নীতি–নির্দেশনা দিয়াৰ সম্ভাৱনা আছে৷ নির্বাচনক লৈ ৰাজ্যিক বিজেপিত চলি থকা এনে প্রস্তুতিৰ মাজতে আজি ৰঙিয়াত প্রভাৰী বৈজয়ন্ত জয় পাণ্ডা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত অনুষ্ঠিত হয় এখন বিশাল কর্মীসভা৷

উজনি অসম ভ্রমণ সম্পন্ন কৰি আজি নামনি অসমৰ ৰঙিয়াত দলীয় কর্মীসকলৰ সৈতে মুখামুখি হোৱা বৈজয়ন্ত জয় পাণ্ডাই উল্লেখ কৰে যে বিজেপিৰ মিছন ১০+ নিশ্চিতভাৱে সফল হ’ব৷ ৰঙিয়াৰ চেপ্তিত অনুষ্ঠিত এই কর্মীসভাত উপস্থিত থকা সহস্রাধিক কার্যকর্তাৰ সমুখত বৈজয়ন্ত জয় পাণ্ডাই নতুনকৈ গঠন হোৱা আঞ্চলিক দলসমূহ মুখ্যতঃ কংগ্রেছ দলৰ সহায়ৰ বাবে গঠন হোৱা বুলি উল্লেখ কৰে৷ ৰঙিয়াৰ ব্লক মণ্ডলৰ সম্পাদক দীনেশ কলিতাই আঁত ধৰা অনুষ্ঠানটোত ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ভাষণ প্রসংগত কয় যে আগন্তুক নির্বাচনত বিজেপিৰ মিছন ১০+ সম্পূর্ণ হোৱাটো নিশ্চিত৷ কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মিত্রতাই এই মিছন ৰোধ কৰিব নোৱাৰে৷ ইফালে সাংবাদিকৰ সৈতে হোৱা বার্তালাপত ৰঞ্জিত দাসৰ মন্তব্য– ২২খন আসনতেই আবদ্ধ থাকিব কংগ্রেছ আৰু এ আই ইউ ডি এফ৷ ইয়াতকৈ আৰু বিৰোধীৰ আসন নকমাওঁ৷ কিয়নো ৰাজনীতিত বিৰোধী দলৰো প্রয়োজন আছে৷ ইফালে ২০ জানুৱাৰীৰ পাছত ৰাজ্যত পৃষ্ঠাপ্রমুখ অভিৱর্তন আৰম্ভ হ’ব বুলি জানিবলৈ দি সভাপতি দাসে কয়– আগন্তুক নির্বাচনত আমি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ম৷ কিয়নো বিজেপিৰ সৈতে আছে লাখ লাখ কার্যকর্তা৷ আমি ১০০খন আসন লাভ কৰি অসমত ইতিহাস স্থাপন কৰিম৷ কংগ্রেছে আঁঠুৱা–কম্বলৰ ৰাজনীতি কৰিছিল৷ কিন্তু আমি ছাত্র–ছাত্রী–ভিভাৱক্ হাতত তুলি দিছোঁ ৭ হাজাৰ টকাকৈ৷ ৯০ লাখ পৰিয়ালক দিয়া হৈছে অটল অমৃত কার্ড৷ ৬০ বছৰত কংগ্রেছে ৬খন মেডিকেল কলেজ স্থাপন কৰিছিল৷ বিজেপিয়ে চাৰে চাৰি বছৰত ৯খন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰি দেখুৱালে৷
বিজেপিত যোগ দিলে মৰাণ ছাত্র সন্থাৰ প্রাক্তন সভাপতি অৰুণজ্যোতি মৰাণে
দীর্ঘদিনীয়া চর্চাৰ অন্তত আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিলে সদৌ অসম মৰাণ ছাত্র সন্থাৰ প্রাক্তন সভাপতি অৰুণজ্যোতি মৰাণে৷ ‘কা’ আন্দোলনৰ অন্যতম আগশাৰীৰ নেতা ৰূপে পৰিচিত অৰুণজ্যোতি মৰাণৰ বিজেপিত যোগদান যথেষ্ট তাৎপর্য ৰূপে বিবেচিত হৈছে৷ শাসকীয় দলটোত যোগ দি প্রাক্তন মৰাণ ছাত্র সন্থাৰ সভাপতিজনৰ মন্তব্য– ‘কা’ আইনৰ জৰিয়তে লক্ষাধিক বিদেশী আহিব বুলি যি প্রচাৰ চলিছিল, সেয়া যে ভুৱা আছিল প্রমাণিত হৈছে৷ তদুপৰি ‘কা’ আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছে৷ গতিকে আইনে এই দিশত উচিত দিশ দেখুৱাব৷ অৰুণজ্যোতি মৰাণৰ লগতে আজি প্রদেশ যুৱ কংগ্রেছৰ সম্পাদক সুৰেশ হাজৰিকা, মহিলা কংগ্রেছৰ সম্পাদিক ৰেণু শর্মা, তেজপুৰ কংগ্রেছ মণ্ডলৰ সভানেত্রী অণু কেওটেও আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিয়ে৷ এই উপলক্ষে হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত আয়োজিত এক অনুষ্ঠানত সভাপতি ৰঞ্জিত দাসে কয় যে মৰাণ জনগোষ্ঠীৰ যুৱ নেতা অৰুণজ্যোতি মৰাণৰ বিজেপিত যোগদানে জনগোষ্ঠীটোৰ সৈতে বিজেপিৰ একাত্মবোধ আৰু অধিক সুদৃঢ় কৰিব৷ প্রায় ৫০ লাখ সদস্য থকা ৰাজ্যিক বিজেপিয়ে অচিৰেই এই সংখ্যা ৬৭ লাখলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে৷ আগন্তুক সময়ত ৫ সহস্রাধিক ব্যক্তিয়ে বিজেপিত যোগদানৰ বাবে অপেক্ষা কৰি আছে৷ দলৰ শীর্ষ নেতাসকলৰ সৈতে এই লোকসকলৰ যোগদান সম্পর্কে আলোচনাৰ পাছতহে সকলো দিশ চূড়ান্ত কৰা হ’ব৷

You might also like