নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিৰ উন্নয়নৰ স্বাৰ্থত কাম কৰিবলৈ আহ্বানঃ মৰিয়নি পৌৰসভাৰ নিৰ্বাচিত পৌৰ সদস্যক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ মৰিয়নি পৌৰসভাৰ নৱনিৰ্বাচিত পৌৰ সদস্যসকলক মৰিয়নি নাগৰিক সমিতিয়ে সম্বৰ্ধনা জনায় । এই উপলক্ষ্যে মৰিয়নিৰ ট্ৰেন্সপ’ৰ্ট টাৰ্মিনাছ ডেভেল’পমেন্ট কমিটি ( টি টি ডি চি )ৰ কাৰ্য্যালয়ত আজি সন্ধিয়া এক গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় । এই অনুষ্ঠানতে মৰিয়নিৰ আটাইকেইগৰাকী বিজয়ী ৱাৰ্ড সদস্যক মৰিয়নি নাগৰিক সমিতিৰ উদ্যোগত সম্বৰ্ধনা জ্ঞাপন কৰা হয় । মৰিয়নি নাগৰিক সমিতিৰ কাৰ্য্যকৰী সভাপতি, শিক্ষাবিদ নেকিবুল ইছলামে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোত আদৰণী ভাষণ আগবঢ়ায় নাগৰিক সমিতিৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ আনন্দ শইকীয়াই । দুয়ো মৰিয়নি নগৰৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত কাম কৰিবলৈ পৌৰ সদস্যসকলৰ প্ৰতি আহ্বান জনায় । অনুষ্ঠানটোত বিজয়ী পৌৰ সদস্য প্ৰদীপ দাস, শংকৰ চক্ৰৱৰ্তী, ৰঞ্জুশ্ৰী দাস, কস্তুৰী আগৰৱালা গগৈ, চুমকি মজুমদাৰ দত্ত, গায়ত্ৰী চক্ৰৱৰ্তী, বিশ্বপ্ৰভা শইকীয়া আৰু বিজন মজুমদাৰক সম্বৰ্ধনা জ্ঞাপন কৰে । আনহাতে, অনুষ্ঠানটোত দুই বিজয়ী পৌ সদস্য কাজল ভট্টাচাৰ্য্য আৰু পিকলু ৰয় অনুপস্থিত থাকে । সম্বৰ্ধনা গ্ৰহণ কৰি আটাইকেইগৰাকী পৌৰ সদস্যই ৰাজনীতিৰ উৰ্দ্ধত থাকি নগৰখনৰ উন্নয়নৰ হকে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । তেওঁলোকে কয়- ৰাজনীতি প্ৰয়োজন যদিও নগৰখনৰ উন্নয়নৰ বিষয়ৱটো ৰাজনীতিতকৈও আগত । সেয়েহে প্ৰাথমিক দৃষ্টিতে মৰিয়নি নগৰৰ উন্নয়ন কৰাৰ বাবে ৰাইজৰ ওচৰত আমি দায়বদ্ধ বুলিও মন্তব্য কৰে । দিব্যজ্যোতি শইকীয়াই আঁ‌ত ধৰা অনুষ্ঠানটোত মৰিয়নিৰ সমাজকৰ্মী, মৰিয়নি জাতীয় বিদ্যাপীঠৰ অধ্যক্ষ ৰঞ্জিত গোহাঁইবৰুৱা, বিশিষ্ট শিল্পী তৰুণ শইকীয়া, সমাজকৰ্মী- নাট্যকাৰ সমৰেশ চক্ৰৱৰ্তী, অজিত চক্ৰৱৰ্তী, পুলিন সন্দিকৈ, ৰতন সিং, বিশিষ্ট ব্যৱসায়ী মানৱ দাস, শিক্ষক নৃপেন শৰ্মা, তপন চক্ৰৱৰ্তী আদি কেবাগৰাকী ব্যক্তিয়েও বক্তব্য প্ৰদান কৰি মৰিয়নি নগৰৰ উন্নয়নৰ দিশটোৰ প্ৰতি অধিক গুৰুত্ব দিবলৈ বিজয়ী ৱাৰ্ড সদস্য সকলক আহ্বান জনায় । আনহাতে, প্ৰাক্তন ৱাৰ্ড সদস্য দীপেন দাসে শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটোত মৰিয়নিৰ জ্যেষ্ঠ ব্যক্তি প্ৰহ্লাদ আগৰৱালা, মইনুল ইছলাম, সুশান্ত ঘোষ, তপন দেৱ, মুজিব ৰহমান, উৎপল চক্ৰৱৰ্তী, ত্ৰিদীপ গগৈ, প্ৰশান্ত দাস আদি বহুসংখ্যক ব্যক্তি উপস্থিত থাকে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like