নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নয়ন অসমক হত্যাৰ নির্দেশ দিছিল সঞ্জীৱকঃ পুনৰ নতুন ভিডিঅ মুকলি আলফা (স্বা)ৰ

নিয়মীয়া বাৰ্তা, ২৯ এপ্রিলঃ আৰক্ষীৰ গুপ্তচৰ বুলি সন্দেহ কৰি আলফা (স্বাধীন)–এ বন্দী কৰি ৰখা সঞ্জীৱ শর্মা নামৰ যুৱকজনৰ আন এটা ৰহস্যজনক ভিডিঅ কালি মুকলি কৰিছে৷ য’ত অসম আৰক্ষী আৰু সেনাবাহিনীৰ কেইবাজনো বিষয়াৰ চক্রান্তত গুপ্তচৰ হিচাপে সঞ্জীৱ শর্মাই আলফা (স্বাধীন)ত যোগদান কৰিছিল, সেই সন্দর্ভত কেইবাটাও গুৰুত্বপূর্ণ তথ্য সদৰী কৰিছে৷ বিশেষকৈ তেওঁক আলফা (স্বাধীন)ৰ কেম্পলৈ প্রেৰণ কৰা আৰক্ষী বিষয়া আৰু সেনা বিষয়াৰ নাম প্রকাশ কৰা হৈছে৷ এই নতুন ভিডিঅটোতে কি লক্ষ্য আৰু উদ্দেশ্যৰে আলফা (স্বাধীন)লৈ আৰক্ষীয়ে প্রেৰণ কৰিছিল, সেই সন্দর্ভত বিস্তৃত ব্যাখ্যা আগবঢ়াই সঞ্জীৱ শর্মাই কয় যে আলফা (স্বাধীন)ৰ কেম্পসমূহ চোৱাৰ লগতে নয়ন অসম আৰু তেওঁৰ সতীর্থবৃন্দক হত্যা কৰিবলৈ আদেশ দিয়া হৈছিল৷ ভিডিঅটোত সঞ্জীৱ শর্মাই কয়– ‘মোক আলফা (স্বাধীন)ৰ ভিতৰত থাকি এই মিছনটো সম্পূর্ণ কৰিবলৈ কোৱা হৈছিল৷ আলফাৰ শিবিৰসমূহ মোক চাবলৈ কোৱা হৈছিল আৰু নয়ন অসমক মাৰিবলৈ আদেশ দিয়া হৈছিল৷ নয়ন অসমৰ লগতে তেওঁৰ সতীর্থসকলকো মাৰিবলৈ মোক আদেশ দিছিল৷ এয়া কৰিবলৈ মোক ধুনুমণি শইকীয়াই আদেশ দিছিল৷’ আনহাতে, এই মিছনত জড়িত থকা আৰক্ষী আৰু সেনা বিষয়াসকলৰ নাম তেওঁ প্রকাশ কৰিছে৷ ভিডি’টোত উল্লেখ কৰা নামসমূহ হৈছে– ধুনুমণি শইকীয়া, পার্থসাৰথি মহন্ত, শিলাদিত্য চেতিয়া, প্রমোদ চৌহান, চন্দন চৌহান, ৰাজু চৌহান, ৰাজকুমাৰ চৌহান আৰু মহেশ কলিতা৷ এই আটাইকেইজন লোক নাৰেংগীত থাকে বুলি দাবী কৰি তেওঁ কয়– ‘মই নাম উল্লেখ কৰাসকল নাৰেংগীত থাকে৷ তেওঁলোকৰ লগত ময়ো আছিলোঁ৷ মোৰ লগত আৰু এজন যুৱক আছিল৷ তেওঁৰ নাম তাহিফ আলী৷ ঘৰত হয়তো তেওঁক তাহিফ আলী আব্বাছ বুলি জানে৷ মোক আৰক্ষীয়ে তাহিফ আলী বুলি কৈছিল৷ তেওঁ মোৰ লগত একেলগে আহিছিল৷ ১০ এপ্রিলৰ নিশা ১১.৩০ বজাত একেলগেই আমি দুটা আহিছিলোঁ৷ তেওঁ মোৰ লগত প্রায় চাৰি দিন আছিল৷ কিন্তু কিছুমান অজুহাত দেখুৱাই তেওঁ উভতি যায়৷ সেই দিনা নিশা প্রায় ১০ বজাত আমি একেলগ হৈছিলোঁ৷ মোৰ লগত থকা সময়ছোৱাত তেওঁ ধুনুমণি শইকীয়া আৰু আন কেইবাজনৰ লগত যোগাযোগ কৰি আছিল৷ কোনটো ৰাস্তাৰে আহিছোঁ, কোনখিনি পালোঁ সমগ্র তথ্য প্রেৰণ কৰিছিল৷ নাগালেণ্ড পোৱালৈ তেওঁ মোৰ লগতে আছিল৷ পাছত এই মিছন সম্পূর্ণ কৰিব নোৱাৰে বুলি তেওঁ উভতি গৈছিল৷’ ভিডি’ৰ জৰিয়তে সঞ্জীৱ শর্মাই তেওঁৰ লগত যোৱা যুৱকজনৰ ভ্রমণ বৃত্তান্ত চালেই সকলো স্পষ্ট হৈ পৰিব বুলিও উল্লেখ কৰিছে৷ এই মিছনটো সম্পূর্ণ হ’লে তেওঁক এক কোটি টকা দিয়াৰ প্রতিশ্রুতি দিছিল বুলিও পুনৰ উল্লেখ কৰিছে৷ কালাপাহাৰত থকা ব্লেকপেন্থাৰৰ শিবিৰত আন কেইবাজনো অসমীয়া যুৱকে প্রশিক্ষণ গ্রহণ কৰিছিল বুলি উল্লেখ কৰি সঞ্জীৱ শর্মাই কয়– ‘আমি আলফা (স্বাধীন)ত যোগদান কৰিবলৈ ওলোৱাৰ সময়ত ধুনুমণি শইকীয়াই এটা সৰু বেগ দিছিল৷ য’ত এটা জি পি এছ আছিল৷ এই জি পি এছে নেটৱর্ক নোহোৱা ঠাইত নেটৱর্ক টানি আনিছিল৷ তদুপৰি লোকেচন নোহোৱা ঠাইত ই আমাক দিশ দেখুৱাইছিল৷ মোৰ নিচিনা আৰু বহুকেইজন অসমীয়া যুৱক আছে, যিসকলে মোৰ লগত কালাপাহাৰৰ ব্লেকপেন্থাৰৰ কেম্পত একেলগে প্রশিক্ষণ লৈছিল৷ তেওঁলোক হৈছে– বিতোপন দাস, তীর্থ দাস, ধুনুমণি শইকীয়া, কল্যাণ চক্রৱর্তী, কিশোৰ শর্মা, ধনজিৎ দাস আৰু বিতোপন ডেকা৷’ উল্লেখ্য যে কিছুদিন পূর্বে সঞ্জীৱ শর্মাৰ এটা ভিডিঅ মুকলি কৰি আলফা (স্বাধীন)–এ দাবী কৰিছিল যে অসম আৰক্ষীয়ে তেওঁলোকৰ শিবিৰলৈ গুপ্তচৰ প্রেৰণ কৰিছে৷ সঞ্জীৱ শর্মাই প্রদান কৰা তথ্যৰ ভিত্তিতে এই দাবী কৰি আহিছে আলফা (স্বাধীন)–এ৷ নিষিদ্ধঘোষিত সংগঠনটোৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই প্রকাশ কৰা অনুসৰি সঞ্জীৱ শর্মা সন্দর্ভত এতিয়াও তেওঁলোকে অনুসন্ধান অব্যাহত ৰাখিছে৷ বাইহাটা চাৰিআলিৰ যুৱকজনৰ তথ্যৰ ভিত্তিতে আৰক্ষীয়ে প্রশিক্ষণ প্রদান কৰা গুপ্তচৰৰ নামো প্রকাশ কৰিছে আলফা (স্বাধীন)–এ৷

You might also like