২০২০ উভতি চাওঁঃ প্রকাশ পালে প্রথম অসমীয়া সর্ববৃহৎ জীৱনী সংকলন
নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ দেশ–বিদেশৰ প্রায় ১,৪০০ ব্যক্তিৰ জীৱন–টোকাৰে প্রকাশ হৈছে এখন অগতানুগতিক গ্রন্থ ‘জীৱনীকোষ’৷ প্রথাগত জীৱনীৰ অন্তর্ভুক্ত নোহোৱা এই ‘জীৱনীকোষ’ত বিভিন্ন ক্ষেত্রৰ উল্লেখযোগ্য ব্যক্তিৰ সম্যক জীৱন–টোকা বস্তুনিষ্ঠভাৱে অসমীয়া বর্ণমালাৰ ক্রম অনুসৰি সন্নিৱিষ্ট হৈছে৷ সংকলনটিত জীৱন–টোকা সন্নিৱিষ্ট হোৱা ব্যক্তিৰ ভিতৰত আছে সাহিত্যিক, ৰাজনীতিবিদ, স্বাধীনতা সংগ্রামী, খেলুৱৈ, বিজ্ঞানী, ৰাষ্ট্রনেতা, সেনানায়ক, সাংবাদিক, শিল্পী, ধর্মগুৰু, ব্যৱসায়ী, উদ্যোগপতি, পৰিৱেশবিদ, সমাজ সংস্কাৰক আদি নানান ক্ষেত্রৰ ব্যক্তি৷ জীৱন–টোকাসমূহৰ ঠায়ে ঠায়ে ‘আপুনি জানেনে’ শিৰোনামেৰে সংশ্লিষ্ট ব্যক্তিজনৰ জীৱনৰ কেতবোৰ উল্লেখযোগ্য তথ্য, ৰসাল ঘটনা, সংশ্লিষ্ট বিভিন্ন তথ্য আদি অন্তর্ভুক্ত কৰা হৈছে৷ একেদৰে ‘পৰিশিষ্ট’ অধ্যায়ত আছে প্রাসংগিক দহখন তালিকা৷ প্রকাশকৰ পৰা জানিব পৰা মতে, জীৱনী সংকলন হিচাপেই নহয়, সাধাৰণ কোষগ্রন্থ হিচাপেও ‘জীৱনীকোষ’ক পঢ়ুৱৈয়ে স্বচ্ছন্দে ব্যৱহাৰ কৰিব পাৰিব৷ গ্রন্থখনে ছাত্র–ছাত্রী তথা পঢ়ুৱৈক বিশেষভাৱে সহায় কৰিব বুলি আশা কৰা হৈছে৷ উল্লেখযোগ্য, দেশ–বিদেশৰ ১,৪০০ ব্যক্তিৰ জীৱন–টোকা সন্নিৱিষ্ট তথা প্রণালীবদ্ধভাৱে সজ্জিত বিবিধ বৈচিত্র্যৰে সমৃদ্ধ বৃহৎকলেৱৰৰ এনে জীৱনী সংকলন অসমীয়া ভাষাত সম্ভৱতঃ এয়ে প্রথম৷ জ্যেষ্ঠ সাংবাদিক তথা লেখক শান্তনু কৌশিক বৰুৱাই যুগুতাই উলিওৱা ‘জীৱনীকোষ’ প্রকাশ কৰিছে গুৱাহাটীৰ ‘জ্যোতি প্রকাশন’এ৷ ‘জীৱনীকোষ’ৰ প্রকল্প সহযোগী প্রীতিমা কৌশিক বৰুৱা, সংকলন সহযোগী অভিজিত শর্মা বৰুৱা, ড০ প্রীতমপ্রিয়া গোস্বামী, ড০ প্রসেনজিৎ খনিকৰ, ঈশান জ্যোতি বৰা, নয়নজ্যোতি বৰা আৰু অনামিকা বডা৷ প্রচ্ছদ দিগন্ত বিজয়ৰ ৫২০ পৃষ্ঠাৰ (ক্রাউন আকাৰ)ৰ ‘জীৱনীকোষ’ৰ মূল্য ৫৫০ টকা৷ অসমৰ বিভিন্ন গ্রন্থ–বিপণীৰ উপৰি গুৱাহাটী গ্রন্থমেলাত সংকলনটি উপলভ্য৷