নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাত জল জীৱন মিছনৰ কাম-কাজৰ পৰ্যালোচনা অতিৰিক্ত মুখ্য সচিব আব্বাছীৰঃ আন্ত:বিভাগীয় সমন্বয়েৰে আঁচনিৰ দ্ৰুত ৰূপায়ণৰ নিৰ্দেশ

নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিল: ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব ছায়েদাইন আব্বাছীয়ে আজি অবিভক্ত বৰপেটা জিলাত ৰূপায়িত হৈ থকা জল জীৱন মিছনৰ কাম-কাজৰ পৰ্যালোচনাৰ বাবে বৰপেটাত উপস্থিত হয়। দিনৰ ১১ বজাত আহি বৰপেটাত উপস্থিত হোৱা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দায়িত্বত থকা জেষ্ঠ্য ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়াগৰাকীয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন বৈঠকত মিলিত হৈ বৰপেটা আৰু বজালী জিলাত ৰূপায়িত হৈ থকা জল জীৱন মিছনৰ আঁচনি সমূহৰ সম্পৰ্কত পৰ্যালোচনা চলায়। তেওঁ আঁচনি সমূহৰ দ্ৰুত আৰু কাৰ্যকৰী ৰূপায়ণত থকা প্ৰতিবন্ধকতাসমূহৰ বিষয়ে সকলো পক্ষৰে মতামতৰ আধাৰত আলোচনা কৰি ইয়াৰ সমাধানৰ পথ-নিৰ্দেশনাও দাঙি ধৰে। তেওঁ কয় যে, সকলো আঁচনিৰ ৰূপায়ন বিধি অনুযায়ী হ’ব লাগিব, ঠিকাদাৰৰ সুবিধা অনুযায়ী কৰিলে নহ’ব। পথৰ কাষত পৰ্যাপ্ত গভীৰতাত পানীৰ নলবোৰ পোতাৰ নিৰ্দেশ দি তেওঁ কয় যে, পিছত পথ বহল হ’লে লোকনিৰ্মাণ (পথ) বিভাগে নলবোৰ স্থানান্তৰ কৰাৰ দায়িত্ব পালন কৰিব লাগিব। তেওঁ লোক নিৰ্মাণ, জনস্বাস্থ্য কাৰিকৰী আৰু শক্তি বিভাগৰ বিষয়া সকলক সু-সমন্বয়ৰ মাজেৰে কাম কৰিবলৈ আহ্বান জনায়। বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালে আঁতধৰা সভাখনত বজালী জিলাৰ উপায়ুক্ত কাবেৰী বৰকটকী শৰ্মাৰ উপৰি দুয়োখন জিলাৰ জনস্বাস্থ্য কাৰিকৰী, লোক নিৰ্মাণ (পথ) আৰু অসম শক্তি বিতৰণ প্ৰতিষ্ঠানৰ বিষয়া আৰু চক্ৰ বিষয়া সকল উপস্থিত থাকে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, পিছত তেওঁ এইকামত নিয়োজিত ঠিকাদাৰ সকলৰ সৈতেও আলোচনাত মিলিত হৈ তেওঁলোকৰ সমস্যাৰ বিষয়েও জনাৰ চেষ্টা কৰে। তেওঁ স্পষ্ট কৰি দিয়ে যে, কোনো আজুহাততে কামৰ মানদণ্ড আৰু সময় সীমাৰ সৈতে আপোচ কৰা নহ’ব।

প্ৰেৰক আফতাব হুছেইন

You might also like