নিয়মীয়া বাৰ্তা ১ ডিচেম্বৰঃ অসমৰ চাহ উদ্যোগটো পুনৰুজ্জীৱিত কৰাৰ বাবে কেতবোৰ পৰামর্শ আগবঢ়াইছে উদ্যোগ সংস্থা ফিকিয়ে৷ এই পৰামর্শসমূহ ফিকিয়ে কৰা অধ্যয়ন আৰু জিএমএছ (বিশ্বব্যাপী পৰিচালিত সেৱা)ৰ ওপৰত আধাৰিত৷ মঙলবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত ফিকিৰ উত্তৰ–পূব উপদেষ্টা পৰিষদৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰে কয়– ‘আধুনিক অসমৰ অর্থনৈতিক ভেটি স্থাপন কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা চাহ উদ্যোগটো আজি সংকটত৷ এই উদ্যোগটোক পুনৰুজ্জীৱিত কৰিবলৈ তাৎক্ষণিক পদক্ষেপ ল’ব লাগিব৷ উদ্যোগটোৰ প্রয়োজনীয়তাৰ প্রতি সঁহাৰি জনোৱাৰ ক্ষেত্রত অতি সক্রিয় হৈ আছে অসম চৰকাৰ৷ কৃষি আয়কৰৰ ওপৰত প্রদান কৰা ৰেহাই যথেষ্ট সহায়ক হৈছে আৰু চৰকাৰে ক্ষুদ্র চাহ খেতিয়কসকলক উৎসাহিত কৰাৰ বাবে লোৱা পদক্ষেপসমূহ অতি আদৰণিয়৷’ তেওঁ কয়, ‘আমি চৰকাৰক চাহৰ বাবে ব্যয়–আধাৰিত ফ্ল’ৰ প্রাইচিং অনাৰ বিষয়ে বিবেচনা কৰিবলৈ অনুৰোধ জনাইছেছা, আমি বিশ্বাস কৰোঁ যে উদ্যোগটোৰ স্থিৰতা বজাই ৰাখিবলৈ আৰু এই পুৰণি উদ্যোগটোক দীর্ঘম্যাদী দিশত কাম কৰিবলৈ এই কামে সহায় কৰিব৷’
তেওঁ লগতে কয়– ‘উৎপাদন ব্যয় আৰু চাহৰ নিলাম মূল্যৰ মাজৰ ব্যৱধান নিৰন্তৰভাৱে বৃদ্ধি পাইছে৷ এয়াই কেৱল ডাঙৰ চাহ উৎপাদকসকলক প্রভাৱিত কৰাই নহয়, ক্ষুদ্র চাহ খেতিয়কসকলকো প্রভাৱিত কৰিছে৷’ পাৰিপার্শ্বিক ভাৰসাম্য বজাই চাহ বাগিচাৰ ভূমি ব্যৱহাৰ কৰা সন্দর্ভত বৰঠাকুৰে কয়– ‘আমি চাহ বাগিচাত কৃষিবনানীকৰণ বৈকল্পিক শস্য চপোৱাটো বাধ্যতামূলক কৰিবৰ বাবে চৰকাৰলৈ অনুৰোধ জনাইছোঁ৷ তেওঁ কয় যে যোৱা দুটা দশকত অসমে ২,৩০,০০০ হেক্টৰ বা ১১ শতাংশ বনাঞ্চল ভূমি হেৰুৱাইছে৷ জলবায়ু প্রত্যাহ্বানেৰে মোকাবিলা কৰিবলৈ কৃষি বনানীকৰণে ৰাজ্যৰ বনাঞ্চল পুনৰুদ্ধাৰ কৰাত, মাটি আৰু পানীৰ গুণাগুণ পুনৰ সৃষ্টি কৰাত সহায় কৰিব পাৰে৷ কৃষি বনানীকৰণে নিযুক্তি আৰু উন্নতিৰ নতুন পথো দিব৷ বাগিচাৰ স্থানীয় জনসংখ্যাৰ এই নিম্নমুখী উদ্যোগটোৱে (যেনে আচবাব, পেকেটযুক্ত খাদ্য) আর্থ–সামাজিক স্থিতিত পৰিৱর্তন আনিব আৰু চৰকাৰৰ ৰাজহ বৃদ্ধি পোৱাত সহায় কৰিব৷ এই সন্দর্ভত অধিক ব্যাখ্যা কৰি পৰিষদৰ অধ্যক্ষ বৰঠাকুৰে কয়, ‘চাহ উদ্যোগটো দীর্ঘম্যাদী সময়লৈ বহনক্ষম হ’বলৈ, উদ্যোগটোৱে কার্যকৰী দক্ষতা, উৎপাদনশীলতা, প্রযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্রত নিজকে পুনৰ উদ্ভাৱন কৰিব লাগিব৷
শ্রমিকসকলৰ জীৱিকাৰ স্থিতি উন্নত কৰাৰ ক্ষেত্রত ক্লিন এনার্জীৰ প্রয়োজন৷ এইটো শ্রমিকসকলৰ বাবে আটাইতকৈ গুৰুত্বপূর্ণ৷’ তেওঁ কয় যে চাহ উদ্যোগৰ বিকাশৰ লগতে জীৱিকাৰ পৰিস্থিতি, উন্নত আৱাস, শ্রমিকসকলৰ বাবে উন্নত শিক্ষা, উন্নত স্বাস্থ্য সেৱাৰ ব্যৱস্থা হ’ব লাগে৷ বৰঠাকুৰে কয়, ‘আমি সৌৰ শক্তি স্থাপনৰ বাবে উত্তৰ–পূব ঔদ্যোগিক নীতিৰ অধীনত চৰকাৰক মূলধন বিনিয়োগত ৰাজসাহায্যৰ অনুমতি দিয়াৰ বিষয়ে বিবেচনা কৰিবলৈ অনুৰোধ জনাইছেছা৷ অসম চৰকাৰে চাহ উদ্যোগৰ ক্ষেত্রত নতুন অসম ঔদ্যোগিক নীতিৰ অধীনত এমএছএমইএছৰ বাবে প্রস্তাৱিত সৌৰ স্থাপনৰ লাভালাভবোৰ সম্প্রসাৰিত কৰাৰ ব্যৱস্থা কৰক৷’ আনহাতে, উদ্যোগ সংস্থাটোৰ দ্বাৰা কৰা অন্যান্য গুৰুত্বপূর্ণ পৰামর্শবোৰৰ ভিতৰত আছে চাহ মন্ত্রালয়ৰ প্রতিষ্ঠান খণ্ডটোৰ সামগ্রিক বিকাশ আৰু চৰকাৰৰ গুৰুত্বপূর্ণ আঁচনি এম জি এন ৰেগা আৰু অন্যান্য আঁচনি চাহ বাগিচা অঞ্চলৰ আর্থ–সামাজিক বিকাশৰ বাবে ব্যৱহাৰৰ অনুমতি দিয়া৷ গ্লোবেল মেনেজড ছার্ভিচেছৰ গ্রুপ চিই’ প্রবীৰ বেনার্জীয়ে চাহ উদ্যোগৰ সন্মুখীন হোৱা সমস্যাবোৰৰ আৰু পৰৱর্তী ৩০ বছৰৰ পৰামর্শসমূহৰ বিষয়ে বিতংভাৱে উপস্থাপন কৰে৷ তেওঁ উল্লেখ কৰে যে চাহে অসমত মুঠ কৃষি উৎপাদন ক্ষেত্রৰ ৪৩ শতাংশ দখল কৰিছে, সেয়েহে সামগ্রিক অর্থনীতিত চাহ উদ্যোগৰ যিকোনো উন্নতিয়ে ৰাজ্যখনৰ ওপৰত তাৎক্ষণিক আৰু যথেষ্ট প্রভাৱ পেলাব৷