সভাপতি–বিধায়কৰ নিমিলা অংক ৰিপুণে কয় ৮০খন পাম, ৰূপজ্যোতিৰ মতে ৪৫খনহে পাব
বিধানসভা নির্বাচনত কিমান আসন পাব কংগ্রেছে? গৌৰৱ গগৈৰ দাবী– বিজেপি, অগপ, গণশক্তিৰ নেতাই যোগাযোগ কৰিছে কংগ্রেছৰে
নিয়মীয়া বাৰ্তা ৪ ছেপ্টেম্বৰঃ অকল বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰে কংগ্রেছৰ পোনপটীয়া মিত্রতাৰ তীব্র বিৰোধিতা কৰিছে জ্যেষ্ঠ কংগ্রেছ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে৷ বৃহস্পতিবাৰে দিছপুৰত সংবাদ মাধ্যমৰ আগত কংগ্রেছ–এ আই ইউ ডি এফৰ বহুচর্চিত মিত্রতা সম্পর্কত প্রতিক্রিয়া ব্যক্ত কৰি বিধায়ক কুর্মীয়ে কয় যে তেওঁ পূর্বৰে পৰাই কংগ্রেছ–এ আই ইউ ডি এফৰ পোনপটীয়া মিত্রতাৰ বিৰোধিতা কৰি আহিছে, বর্তমানেও বিৰোধিতা কৰিছে আৰু ভৱিষ্যতেও বিৰোধিতা কৰি যাব৷ অৱশ্যে চি পি আই, চি পি আই (এম), কৃষক মুক্তি সংগ্রাম সমিতি, আছু, জাতীয়তাবাদী চিন্তা–চর্চা কৰা সকলো মিত্রজোঁট গঠন কৰিবলৈ আগবাঢ়ি আহিলে সেই সময়ত যদি এ আই ইউ ডি এফেও কংগ্রেছৰ লগত মিলি কাম কৰাৰ পোষকতা কৰে, তেতিয়াহ’লে আনসকলৰ দৰে এ আই ইউ ডি এফকো আঁকোৱালি ল’ব৷ কিন্তু পোনপটীয়াভাৱে এ আই ইউ ডি এফৰে কংগ্রেছৰ মিত্রতাৰ তেওঁ তীব্র বিৰোধী৷ পূর্বতেও তেনেধৰণৰ পোনপটীয়া মিত্রতাৰ বিৰোধিতা কৰিছে, এতিয়াও বিৰোধিতা কৰিছে আৰু ভৱিষ্যতেও তেনে মিত্রতাৰ বিৰোধিতা কৰি যাব৷ বিধায়ক কুর্মীয়ে আৰু কয় যে বর্তমান কংগ্রেছৰ ২৩গৰাকী বিধায়ক আছে৷ অহা বিধানসভা নির্বাচনত কংগ্রেছে অকলে ৪৫ৰ পৰা ৫০খন আসন লাভ কৰিব৷ তাৰ পাছত মিত্রশক্তিৰ পৰা ২০খন আসন লৈ কংগ্রেছে ২০২১ত চৰকাৰ গঠন কৰিব৷
মন কৰিবলগীয়া এয়ে যে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই বৃহস্পতিবাৰে এখন সংবাদ মেলত কংগ্রেছ দলে অহা বিধানসভা নির্বাচনত ৮০খন আসন লাভ কৰিব বুলি দাবী কৰে৷ ইয়াৰ বিপৰীতে দলৰে জ্যেষ্ঠ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে অহা নির্বাচনত কংগ্রেছে ৪৫ৰ পৰা ৫০খন আসন লাভ কৰিব বুলি কৰা মন্তব্যই বিশেষ তাৎপর্য বহন কৰিছে৷ দুই নেতাৰ ভাষ্যৰ পৰা এটা কথাই স্পষ্ট হৈছে– মিত্রতাক কেন্দ্র কৰি দলটোৰ নেতৃত্বৰ মাজত যিদৰে মতৰ অমিল বিদ্যমান হৈ আছে, অনুৰূপ ধৰণে আসন দখল কৰাক লৈও দলটোৰ নিমিলা অংক পৰিস্ফুট হৈছে৷ দলৰ অভ্যন্তৰত বিৰাজ কৰা সংঘাত আৰু সমন্বয়হীনতাৰ বাবেই এনেধৰণৰ পৰস্পৰবিৰোধী ভাষ্য প্রকাশ পাইছে৷ ইপিনে কলিয়াবৰৰ কংগ্রেছ সাংসদ গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত আন এক বিস্ফোৰণ ঘটায়৷ সাংসদ গগৈৰ মতে বিজেপি, অগপ, বি পি এফ, গণশক্তিৰ বহু নেতাৰ বর্তমান ক্ষোভ আছে৷ সেই ক্ষুব্ধ নেতাসকলে কংগ্রেছৰ লগত কথা পতা আৰম্ভ কৰিছে বুলি জানিবলৈ দি অচিৰেই সেইসকল লোক কংগ্রেছলৈ আহিব বুলি ইংগিত দিয়ে৷
ইফালে ২০২১ চনত ৰাজ্যত পুনৰ বিজেপিৰেই চৰকাৰ হ’ব বুলি দাবী কৰিছে নগৰ উন্নয়ন বিভাগৰ স্বতন্ত্র ৰাজ্যিক মন্ত্রী তথা স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্রী পীয়ূষ হাজৰিকাই৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই ২০২১ত কংগ্রেছে চৰকাৰ গঠন কৰিব বুলি কৰা মন্তব্যক মুংগেৰীলালৰ সপোন বুলি কটাক্ষ কৰি কয় যে ২০২১ বাদেই, বহু বছৰ পাছতহে কেতিয়াবা কংগ্রেছ ক্ষমতালৈ আহিব পাৰিব৷ ২০১৬ চনৰ পৰা ৰিপুণ বৰাই প্রতিটো নির্বাচনতে কংগ্রেছে জয়লাভ কৰিব বুলি কৈ আহিছে যদিও কোনো নির্বাচনতে জয়ী হোৱা নাই৷ ২০২১তো কংগ্রেছ ক্ষমতালৈ নাহে৷ ৰিপুণ বৰাই সদায় অবান্তৰ কথাই কৈ থাকে৷ মন্ত্রী হাজৰিকাই লগতে এ আই ইউ ডি এফৰে মিত্রতা কৰি কংগ্রেছে অসমীয়া জাতিৰ বুকুত ডেগাৰ মাৰিছে বুলি মন্তব্য কৰে৷