কভিড নিয়ন্ত্ৰণ আৰু আক্ৰান্ত ব্যক্তিক চিকিৎসাৰ বাবে চৰকাৰে লোৱা পদক্ষেপক অবৈধ বুলি দাবী ৰিপুণ বৰাৰ
তীব্ৰ প্ৰতিক্ৰিয়া মন্ত্ৰী পিযুষ হাজৰিকাৰ
নিয়মীয়া বাৰ্তা ২৫ এপ্ৰিলঃ যি সময়ত সমগ্ৰ দেশৰ লগতে ৰাজ্যখনতো কভিড মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ঠিক সেই সময়তে ৰাজ্যৰ বিৰোধী দল কংগ্ৰেছে অদ্ভুত দাবী কৰিছে। কংগ্ৰেছৰ দাবী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী বিধি উলংঘা কৰিছে।
কভিড নিয়ন্ত্ৰণ আৰু আক্ৰান্ত ব্যক্তিক চিকিৎসাৰ বাবে চৰকাৰে লোৱা পদক্ষেপক অবৈধ বুলি দাবী ৰিপুণ বৰাৰ নেতৃত্বত কংগ্ৰেছ দলে কাষ চাপিল নিৰ্বাচন আয়োগৰ কভিড মহামাৰী নিয়ন্ত্ৰণৰ বাবে স্বাস্থ্যমন্ত্ৰী আৰু স্বাস্থ্য বিভাগে লোৱা পদক্ষেপ বন্ধ কৰিবৰ বাবে নিৰ্বাচন আয়োগক স্মাৰকপত্ৰ কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ।
আজি জনতা ভৱনত থকা নিৰ্বাচনী আয়োগৰ অস্থায়ী কাৰ্যালয়ত মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰি দুখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰে কংগ্ৰেছ মহাজোঁটৰ নেতৃত্বই।
এই সন্দৰ্ভত ৰিপুণ বৰাই কয় যে বৰ্তমানৰ চৰকাৰখন কেয়াৰটেকাৰ চৰকাৰ৷এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী আৰু বিভিন্ন মন্ত্ৰীয়ে কেনেকৈ উপায়ুক্ত বা আন চৰকাৰী বিষয়াসকলক নিৰ্দেশ দিব পাৰিব বা আলোচনা কৰিব পাৰিব? তেওঁলোকে বিভিন্ন জিলাৰ উপায়ুক্ত আৰু বিষয়াক সাক্ষাৎ কৰি কোভিড পৰিস্থিতি আলোচনা কৰি নিৰ্বাচনী বিধি উলংঘা কৰিছে। এইবোৰ আলোচনা কৰিবলৈ ৰাজ্যৰ মুখ্য সচিব আৰু স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াসকল আছে তথা তেওঁলোকেহে এই সন্দৰ্ভত সিদ্ধান্ত ল’ব লাগে বুলি দাবী কৰে ৰিপুন বৰাই।
ইপিনে, কভিডৰ সুযোগ লৈ তেওঁলোকে ইভিএমৰ ৰাজনীতি আৰম্ভ কৰিছে বুলি সন্দেহ কৰি বৰাই পুনৰ কয় ‘এই ক্ষেত্ৰত নিৰ্বাচনী আয়োগক ব্যৱস্থা ল’বলৈ আমি দুখনকৈ স্মাৰকপত্ৰ প্ৰদান কৰিছো৷’
আনহাতে এই সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাই। এই সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় নিৰ্বাচন পাৰ হৈ গল এতিয়া অসমৰ মানুহক বচাবলৈ হে কৰা হৈছে। লগতে ৰিপুণ বৰাক প্ৰশ্ন কৰে যে অসমৰ মানুহ মৰি শেষ হৈ যাওক ২ তাৰিখলৈকে একো কৰিব নালাগে। তেওঁ লগতে কয় যে আমি অসমৰ মানুহক বচাবলৈ হে দায়িত্ব পালন কৰিছো।