পুৰোহিতক হাতত বান্ধি ৩০০ বছৰ পুৰণি নৃসিংহ মন্দিৰত ডকাইতি
নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ কৰিমগঞ্জৰ বালিয়াস্থিত ৩০০ বছৰ পুৰণি ঐতিহাসিক নৃসিংহ মন্দিৰত ডকাইতি। বাংলাদেশ সীমান্তত থকা এই মন্দিৰটোত হাতত অস্ত্ৰ-শস্ত্ৰ লৈ কালি নিশা প্ৰায় ৭-৮জনীয়া ডকাইতৰ দলে লুটপাত চলায়।
ডকাইতৰ দলে মন্দিৰ পৰিচালনা কৰা পুৰোহিতৰ পৰিয়ালক বান্ধি মাৰপিট কৰাৰ লগতে মন্দিৰৰ ভিতৰত সোমাই সোণৰ অলংকাৰ, নগদ অৰ্থসহ মূল্যৱান সামগ্ৰী লৈ যায়।
ঘটনাস্থলীত খবৰ পোৱাৰ পিছতে আৰক্ষীসহ সীমা সুৰক্ষা বাহিনীৰ দল উপস্থিত হয় যদিও ডকাইতৰ দলে সামগ্ৰী লুটি পলাই যায়। এই ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত।
স্থানীয় ৰাইজৰ অভিযোগ মতে, পূৰ্বেও চাৰিবাৰকৈ মন্দিৰটোত ডকাইতি কাৰ্য সংঘটিত হৈছে যদিও প্ৰশাসনে কোনো নিৰাপত্তা এতিয়ালৈ দিব নোৱাৰিলে।