নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীঘ্রে লুইতৰ বুকুত আনুষ্ঠানিকভাৱে মুকলি হ’ব ৰোপৱে’

নিয়মীয়া বার্তা, ২৬ জুলাইঃ ‘গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী ৰোপৱে’ সম্পূর্ণভাৱে সাজু৷ মুকলিৰ বাবে কেৱল আনুষ্ঠানিকতাহে বাকী৷ আনুষ্ঠানিকতাৰ পিছতে শীঘ্রে ৰাইজৰ বাবে মুকলি কৰা হ’ব ৰোপৱে’৷’এই মন্তব্য গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যৰ৷আনহাতে এই ৰোপৱে’ মুকলি হ’লেই ১০ মিনিটৰ ভিতৰত ইপাৰ–সিপাৰ হ’ব পাৰিব লুইতৰ বুকু GMDAৰ তত্ত্বাৱধানত সম্পূর্ণ সাজু হৈছে গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী ৰোপৱে’ৰ কাম৷ কাছাৰীৰ পৰা ব্রহ্মপুত্রৰ ওপৰেৰে উত্তৰ গুৱাহাটীলৈ চলিব এই ৰোপৱে’ সেৱা৷

লকডাউনৰ বাবে মুকলি কৰিব পৰা নাছিল এই ৰোপৱে’টো৷ কিন্তু দুই–এদিনৰ ভিতৰতে মুকলি কৰাৰ পৰিকল্পনা কৰিছে ৰোপৱে’টো৷ ৰোপৱে’ৰ এই কেবিনটোত এবাৰত ৩০জন যাত্রীয়ে যাত্রা কৰিব পাৰিব ৷ আনহাতে এই ৩০ যাত্রীৰ লগত থাকিব এজন নিয়ন্ত্রক৷ কাছাৰীৰ পৰা ১০ মিনিট সময় লাগিব উত্তৰ গুৱাহাটীলৈ৷ ইতিমধ্যে যাত্রীৰ নিৰাপত্তাৰ বাবে সকলো ব্যৱস্থাও সম্পূর্ণ কৰি তুলিছে নির্মাণকাৰী প্রতিষ্ঠানSamir Damodar Rope Way Pvt Ltd-এ৷ব্রহ্মপুত্রৰ মাজত চাৰিটাকৈ টাৱাৰৰ জৰিয়তে উত্তৰ গুৱাহাটীলৈ সংযোগ হৈছে এই ৰোপৱে’টো ৷

মূঠ ৫৬ কোটি টকা ব্যয় হৈছে এই ৰোপৱে’টো নির্মাণ কৰোঁতে৷ মুকলি হোৱাৰ ৩ বছৰলৈ এইRope wayটো চোৱাচিতাৰ দায়িত্বত থাকিব নির্মাণকাৰী প্রতিষ্ঠানটো৷যান্ত্রিক বিজুতি মোকাবিলা কৰিবলৈও থাকিব পর্যাপ্ত ব্যৱস্থা ৷ অর্থাৎ শীঘ্রে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ যাতায়াতৰ ক্ষেত্রত সূচনা হ’ব আন এক নতুন দিগন্তৰ৷

You might also like