অভিলেখত জিকিম– দৃঢ় ঘোষণা ৰূপক শর্মাৰঃ জিতু গোস্বামী–বিষ্ণু দাসৰো মনোনয়ন
নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ নগাঁও জিলাৰ দ্বিতীয় পর্যায়ত হ’ব লগা তিনিটা বিধানসভা সমষ্টি ক্রমে নগাঁও সদৰ, বঢ়মপুৰ আৰু ৰহা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিবৰ বাবে প্রার্থীসকলে মনোনয়ন–পত্র দাখিলৰ প্রক্রিয়া আজিৰ পৰা আৰম্ভ কৰিছে৷ আজি নগাঁও সদৰ, ৰহা আৰু বঢ়মপুৰ সমষ্টিৰ বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ বিজেপি প্রার্থী ক্রমে ৰূপক শর্মা, বিষ্ণু দাস আৰু জিতু গোস্বামীয়ে দলীয় নেতা–কর্মী–সমর্থক উৎসাহ–উদ্দীপনাৰ মাজত ৰিটার্নিং বিষয়াৰ ওচৰত মনোনয়ন–পত্র দাখিল কৰে৷ আজি পুৱাৰ ভাগত বঢ়মপুৰ সমষ্টিৰ বিজেপি প্রার্থী জিতু গোস্বামীয়ে কেইবাসহস্র দলীয় নেতা–কর্মী–সমর্থক লগতে অগপ কর্মীসকলৰ উৎসাহৰ মাজেৰে সমদল কৰি আহি ৰিটার্নিং বিষয়াৰ ওচৰত মনোনয়ন–পত্র দাখিল কৰে৷ বিভিন্ন সাংস্কৃতিক দলৰ নৃত্য–গীত, গায়ন–বায়ন–আয়তীৰ্ উৰুলিৰ মাজেৰে আহি মনোনয়ন–পত্র দাখিল কৰা জিতু গোস্বামীক সংগ দিয়ে মন্ত্রী পীয়ূষ হাজৰিকা, নগাঁও জিলা বিজেপি সভাপতি অভিজিৎ নাথ, অগপৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ অতি ঘনিষ্ঠ অগপ নেতা নিৰঞ্জন বৰাকে ধৰি দুয়োটা দলৰ ভালেমান নেতা–কর্মীয়ে৷ দুয়োটা দলৰ কর্মীসকলে হাতে হাতে অগপ–বিজেপিৰ পতাকা লৈ বিজেপি জিন্দাবাদ, অগপ জিন্দাবাদ, সর্বানন্দ সোণোৱাল জিন্দাবাদ, হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, প্রফুল্ল কুমাৰ মহন্ত জিন্দাবাদ আদি ধ্বনি দি নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে৷
উল্লেখ্য যে সমষ্টিটো ৩০ বছৰ ধৰি প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই প্রতিনিধিত্ব কৰি আহিছিল৷ এইবাৰ বিজেপি মিত্রজোঁটে মহন্তক প্রার্থিত্ব নিদিয়াত মহন্ত আৰু তেওঁৰ সমর্থক, অগপ কর্মী অসন্তুষ্ট হোৱা দেখা গৈছিল যদিও প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই প্রতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লয়৷ এক সূত্রই জনোৱা মতে, অগপ–বিজেপি নেতৃত্বৰ লগত মহন্ত আৰু বঢ়মপুৰ অগপ নেতা–কর্মীৰ লগত হোৱা আলোচনামর্মে বঢ়মপুৰত বিজেপি প্রার্থী জিতু গোস্বামীক অগপই সহযোগিতা কৰিব৷ সেয়ে আজি জিতু গোস্বামীৰ মনোনয়ন–পত্র দাখিলৰ সময়ত বহুসংখ্যক অগপ নেতা–কর্মীক সমদলত দেখা গ’ল৷ ইপিনে আজি নগাঁও সদৰ সমষ্টিৰ বাবে বিজেপিৰ প্রার্থী ৰূপক শর্মাই বিশাল পদযাত্রা কৰি ৰিটার্নিং বিষয়াৰ ওচৰত মনোনয়ন–পত্র দাখিল কৰে৷ গায়ন–বায়ন, বিভিন্ন জনগোষ্ঠীয় নৃত্য–গীত, বিহুনৃত্য আদিৰে পৰিবেষ্টিত হৈ এক উদুলি–মুদুলি পৰিৱেশত প্রার্থী ৰূপক শর্মাই নগাঁও চহৰত এক অভূতপূর্ব পৰিৱেশ সৃষ্টি কৰে৷ ৰূপক শর্মাক সংগ দিয়ে প্রাক্তন কেন্দ্রীয় মন্ত্রী ৰাজেন গোহাঁইৰ, মন্ত্রী পীয়ূষ হাজৰিকাই৷ বঢ়মপুৰত প্রার্থিত্ব নোপোৱাত ক্ষোভ উজৰা ৰাজেন গোহঁায়ে মনোনয়ন–পত্র দাখিলত সংগ দিয়াৰ বাবে সকলোকে উৎসাহিত কৰি তুলিছে৷ জানিব পৰা মতে, আজি ৰাজেন গোহাইৰ বাসগৃহত উপস্থিত হৈ বিজেপি প্রার্থী ৰূপক শর্মাই গোহাঁইৰ সহযোগিতা
বিচাৰে৷ আনহাতে, ৰহা সমষ্টিত মিত্রজোঁটৰ প্রার্থী অগপৰ বিষ্ণু দাসে সহস্রাধিক দলীয় কর্মীৰে সমদল কৰি আহি ৰিটার্নিং বিষয়াৰ ওচৰত মনোনয়ন–পত্র দাখিল কৰে৷ আজি মনোনয়ন দাখিল কৰা আন প্রার্থীসকল হ’ল– নগাঁও সদৰ সমষ্টিৰ নির্দলীয় প্রার্থী ইকবাল হুছেইন, ৰহা সমষ্টিৰ ৰাইজৰ দলৰ ৰুবুল দাস, নির্দলীয় প্রার্থী চিত্রলেখা দাস৷ মনোনয়ন–পত্র দাখিল কৰি আহি নগাঁও সদৰ সমষ্টিৰ বিজেপি প্রার্থী ৰূপক শর্মাই সংবাদ মাধ্যমৰ আগত কয়– এইবাৰ নগাঁও সদৰ সমষ্টিত বিজেপি প্রার্থী অভিলেখসংখ্যক ভোটত জয়লাভ কৰিব৷ নগাঁও সদৰ সমষ্টিৰ ৰাইজে ইতিমধ্যে বিজেপিক আঁকোৱালি লৈছে৷ এই ৫টা বছৰত আমি নগাঁৱত কৰা উন্নয়নমূলক কাম–কাজ ৰাইজে প্রত্যক্ষ কৰিছে৷ সেয়ে নিশ্চিয় ৰাইজে আমাক আশীর্বাদ দিব৷
বঢ়মপুৰ সমষ্টিৰ বিজেপি প্রার্থী জিতু গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত কয়– আমি বঢ়মপুৰত অভিলেখ স্থাপন কৰিম৷ প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই প্রার্থিত্ব লাভ নকৰি ক্ষোভ প্রকাশ কৰা সম্পর্কত সাংবাদিকে প্রশ্ণ সোধাত জিতু গোস্বামীয়ে কয় যে প্রফুল্ল কুমাৰ মহন্তই প্রার্থিত্ব লাভ নকৰি ক্ষোভ প্রকাশ কৰা বুলি কোনে কৈছে৷ আমিতো তেওঁৰ ক্ষোভ দেখা নাই৷ সংবাদ মেল অনুষ্ঠিত কৰি তেওঁটো ক্ষোভ প্রকাশ কৰা নাই৷ তেওঁটো অসম গণ পৰিষদ ত্যাগ কৰি যোৱা নাই৷ তেওঁ কয়– প্রার্থিত্ব লাভ নকৰিলে প্রত্যেকজন মানুহৰে অসন্তুষ্টি অলপ থাকেই৷ বঢ়মপুৰ সমষ্টি সন্মানীয় সমষ্টি৷ তেওঁ ৩০ বছৰ ধৰি এই সমষ্টিটোক প্রতিনিধিত্ব কৰিছে৷ তেওঁ অসমৰ ৰাজনীতিৰ উচ্চ পর্যায়ৰ নেতা৷ স্বাস্থ্যজনিত কাৰণত তেওঁক প্রার্থিত্ব প্রদান কৰা নাই৷ যিহেতু আমাৰ মিত্রতাৰ চৰকাৰ আছে৷ অন্য কাৰণত প্রার্থিত্ব প্রদান নকৰাৰ কথা নাই৷ যদি মহন্ত ডাঙৰীয়াৰ স্বাস্থ্য ভালে থাকিলেহেঁতেন আসনখন নিশ্চিতভাৱে তেওঁৰ দখলত থাকিলেহেঁতেন৷ ইপিনে ৰহা সমষ্টিৰ অগপ প্রার্থী বিষ্ণু দাসে সংবাদ মাধ্যমৰ আগত কয়– এইবাৰ ৰহাত অগপ দলৰ প্রার্থী বিপুল ভোটত জয়ী হ’ব, সেয়া এশ শতাংশ নিশ্চিত৷