নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ ফ্ল’ৰেঞ্চ একাডেমীৰ উদ্যোগত স্থানীয় যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

নিয়মীয়া বাৰ্তা ২৭ এপ্ৰিলঃ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী ক’ৰোনা ভাইৰাছ, ক‘ভিদ-১৯ৰ সংক্ৰমণৰ পৰা দেশৰ জনসাধাৰণক ৰক্ষা কৰিবলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষনা কৰা লক ডাউন অব্যাহত থকাৰ সময়চোৱাত দৰিদ্ৰ পৰিয়ালবোৰৰ লগতে নিম্ন মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালবোৰ বিভিন্ন প্ৰকাৰে সমস্যাত পৰা পৰিলক্ষিত হৈছে ৷ লক ডাউনৰ এই সময়চোৱাত বৃহত্তৰ চামগুৰি অঞ্চলৰ আৰ্তজনক সহায় কৰাৰ বাবে নগাঁও জিলাৰ চামগুৰিস্থিত ফ্ল‘ৰেঞ্চ একাডেমীৰ উদ্যোগত চামগুৰিৰ কেইজনমান উদীয়মান যুৱকে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে ৷ ফ্ল’ৰেঞ্চ একাডেমীৰ সঞ্চালক পাৰ্থ প্ৰতিম হাজৰিকাৰ তত্বাৱধানত বিগত দহ দিন পূৰ্বৰে পৰা আজি পৰ্য্যন্ত চামগুৰিৰ প্ৰায় ১২শ দৰিদ্ৰ পৰিয়ালক চাউল,দালি,মিঠাতেল,বিস্কুটকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী বিতৰন কৰে ৷ লক ডাউনৰ সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে সামাজিক দূৰত্ব ৰক্ষা কৰি অন্যদিনৰ দৰে আজিও পাৰ্থ প্ৰতিম হাজৰিকা নেতৃত্বাধীন দলটোৱে চামগুৰিৰ গেৰুৱামুখ,বাজিয়াগাঁও আদি অঞ্চলৰ প্ৰায় ডেৰশটা পৰিয়ালক নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ আনহাতে চামগুৰিৰ ভেলেউগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত শিঙীয়া কেকোঁৰাচুক গাঁৱৰ নিবাসী প্ৰান্তিক ডেকা(ধন্তী) নামৰ যুৱ ব্যৱসায়ী জনে লকডাউনৰ সময়ছোৱাত গ্ৰাম্য অঞ্চল সমূহত সুলভ মূল্যত শাক-পাছলি বিক্ৰী কৰি স্বাৱলম্বিতাৰ নিদৰ্শন ডাঙি ধৰা পৰিলক্ষিত হয় ৷ উদীয়মান শিক্ষিত যুৱকজনে নিজৰ বাইকখনেৰে গাঁৱে-গাঁৱে গৈ সুলভ মূল্যত শাক-পাছলি বিক্ৰী কৰাৰ লগতে ঘৰৰ সন্মূখত মুকলি আকাশৰ তলত এখন বস্তা পাৰি শাক-পাচলি বিক্ৰী কৰা এনে পদক্ষেপক অঞ্চলবাসী সমূহ ৰাইজে আদৰণী জনাইছে ৷

You might also like