নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ লতানিচাপৰিত অবৈধ কাঠ মিল জব্দ

নিয়মীয়া বাৰ্তা১৯ জুলাইঃ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ মাগুৰমাৰী অঞ্চলৰ ৰুফুল আমিন নামৰ লোকজনৰ অবৈধ কাঠ ফলা মিলটো দুদিন পূৰ্বতে শালনা বনাঞ্চলিক কাৰ্যালয়ৰ এটা বন কৰ্মী দলে জব্দ কৰাৰ পাছত আজি পুনৰ লতানিচাপৰিত শালনা বনাঞ্চলিক কাৰ্যালয়ৰ এটা বন কৰ্মী দলে অভিযান চলাই এটা অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয় ৷জানিব পৰা মতে শালানা বনাঞ্চলিক কাৰ্যালয়ৰ এটা বন কৰ্মী দলে আজি এক গোপন সুত্ৰৰ পম খেদি লতানিচাপৰি অঞ্চলত অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে অভিযান চলাই নুৰ হুছেইন নামৰ লোক জনৰ এটা অবৈধ কাঠ ফলা মিল জব্দ কৰে ৷বন বিভাগে আজি জব্দ কৰা অবৈধ কাঠ ফলা মিলটো বৰ্তমান শালনা বনাঞ্চলিক কাৰ্যালয়ত ৰখোৱা হৈছে বুলি জানিব পৰা গৈছে ৷আনহাতে বন বিভাগে অবৈধ কাঠ ফলা মিলটো জব্দ কৰাৰ সময়ত নুৰ হুছেইনে পলায়ন কৰে বুলি বন বিভাগৰ এক সুত্ৰই জানিবলৈ দিয়ে ৷

You might also like