নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সনাতনক ন্যায় দিয়াৰ দাবীৰে কামৰূপ উপায়ুক্তক স্মাৰক পত্ৰ বেজেৰা মণ্ডল যুৱ মৰ্চাৰ

নিয়মীয়া বাৰ্তা, ২৯ মে’: কামৰূপৰ জিলাৰ হাজো থানাৰ অন্তৰ্গত তেতেলীয়াৰ পাঁ‌চলি ব্যৱসায়ী সনাতন ডেকাৰ হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া এতিয়াও মাৰ যোৱা নাই। ঘটনাৰ লগত জড়িত পাঁ‌চজন দোষীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও ঘটনাটোত ষড়যন্ত্ৰ লিপ্ত থকাৰ অভিযোগ বেজেৰা মণ্ডল যুৱ মৰ্চাৰ।

সেইবাবে আজি কামৰূপ জিলাৰ নৱ নিযুক্ত উপায়ুক্ত কৈলাশ কাৰ্তিক এনক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ যোগে অচিৰেই ঘটনাৰ তদন্তৰ লগতে দোষীক কঠোৰতম শাস্তিৰ দাবী জনায় মণ্ডল যুৱ মৰ্চাৰ সভাপতি মাধৱ বৰা আৰু সম্পাদক নিপন কলিতাই।

ইয়াৰোপৰি মণ্ডল মৰ্চাৰ এটি গোটে আজি হাজো আৰক্ষী থানাত উপস্থিত হোৱাৰ লগতে তেতেলীয়াৰ সনাতন ডেকাৰ ঘৰতো উপস্থিত হৈ পৰিয়ালটোক সাক্ষাৎ কৰে।ডেকাৰ পত্নীৰ লগতে পৰিয়ালক সাক্ষাৎ কৰি আৰ্থিক অনুদানো প্ৰদান কৰে।

You might also like