নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বিনা বৰা জীৱিত, কাশ্মীৰত নিৰাপদে আছে!

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ  ৬ বছৰ পুৰণি শ্বিনা বৰা হত্যাকাণ্ডৰ চাঞ্চল্যকৰ মোৰ৷ ২০১২ চনত নিজ কন্যা শ্বিনা বৰাক হত্যাৰ মূল অভিযুক্ত মাতৃ ইন্দ্রাণী মুখার্জীয়ে চি বি আইলৈ পত্র লিখি শ্বিনা বৰা জীৱিত আৰু কাশ্মীৰত থকা বুলি দাবী কৰাৰ লগে লগে দেশজুৰি চাঞ্চল্য সৃষ্টিকাৰী শ্বিনা বৰা হত্যাকাণ্ডই পুনৰ চর্চাৰ মাজলৈ আহিছে৷ ২০১২ চনত ইন্দ্রাণী মুখার্জীয়ে প্রথম স্বামীৰ কন্যা সন্তান শ্বিনা বৰাক ড্রাইভাৰ শ্যামবৰ ৰায় আৰু প্রাক্তন স্বামী সঞ্জীৱ খান্নাৰ সৈতে মিলি হত্যা কৰাৰ অভিযোগত ২০১৫ চনত মুখার্জীক গ্রেপ্তাৰ কৰাৰ পাছত মুম্বাইৰ বাইকুল্লা কাৰাগাৰত বন্দী হৈ আছে৷ বাইকুল্লা কাৰাগাৰত বন্দী হৈ থকা ইন্দ্রাণী মুখার্জীয়ে নিজ কন্যা শ্বিনা বৰা জীৱিত অৱস্থাত জম্মু–কাশ্মীৰত থকা বুলি চি বি আইলৈ পত্র প্রেৰণ কৰি নতুনকৈ তদন্তৰ বাবে দাবী জনাইছে৷ জীৱিত শ্বিনা বৰাক কাশ্মীৰলৈ গৈ চি বি আইক সন্ধান কৰাৰো পত্রখনত উল্লেখ কৰিছে ইন্দ্রাণী মুখার্জীয়ে৷

উল্লেখ্য যে ২০১২ চনত শ্বিনা বৰাক হত্যা কৰাৰ ঘটনাটো ২০১৫ চনত পোহৰলৈ আহে আৰু মুম্বাই আৰক্ষীয়ে শ্বিনা বৰা হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব লৈ ইন্দ্রাণী মুখার্জীক গ্রেপ্তাৰ কৰে৷ পিছলৈ এই গোচৰটো চি বি আইৰ হাতত অর্পণ কৰে আৰু চি বি আয়ে ২০১৭ চনত এই গোচৰটোৰ শুনানি আৰম্ভ কৰে৷ চি বি আয়ে এই গোচৰক লৈ কেইবাখনো অভিযোগনামা দাখিল কৰে৷ প্রায় ৬০জন সাক্ষীৰ স্বীকাৰোক্তি লিপিবদ্ধ কৰি শপতনামা দাখিল কৰে চি বি আয়ে৷

মন কৰিবলগীয়া যে মিডিয়া টাইকুন পিটাৰ মুখার্জীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ইন্দ্রাণী মুখার্জীয়ে তেওঁৰ পূর্বৰ বৈবাহিক জীৱন গোপন কৰি ৰাখিবলৈ প্রথম স্বামীৰ কন্যা সন্তান শ্বিনা বৰাক ভগ্ণী হিচাপে চিনাকি কৰি ৰাখিছিল৷ এনেদৰে গোপনে ৰখাৰ পাছতে শ্বিনা বৰাই পিটাৰ মুখার্জীৰ পূর্বৰ পত্নীৰ সন্তান ৰাহুল মুখার্জীৰ সৈতে সম্পর্ক গঢ়িবলৈ লয়৷ ইন্দ্রাণী মুখার্জীয়ে শ্বিনা বৰা আৰু ৰাহুল মুখার্জীৰ সম্পর্কক লৈ অসন্তুষ্ট হোৱাৰ ফলতেই হত্যাকাণ্ডটো সংঘটিত হয়৷ গুৰুত্বপূর্ণ যে ইন্দ্রাণী মুখার্জীৰ প্রথম স্বামী সিদ্ধার্থ দাসৰ সন্তান শ্বিনা বৰা৷ পৰৱর্তী সময়ত শ্বিনা বৰাই সঞ্জীৱ খান্না নামৰ লোক এজনৰ সৈতে বিবাহপাশত আবদ্ধ হয় যদিও তেওঁলোকৰ কোনো সন্তান নাই৷

ইপিনে বিলাসী জীৱন কটোৱা ইন্দ্রাণী মুখার্জীয়ে তৃতীয়বাৰৰ বাবে পিটাৰ মুখার্জীৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু পূর্বৰ সম্পর্কবোৰ গোপন কৰি ৰাখিবলৈ প্রথম স্বামীৰ সৈতে হোৱা সম্পর্কৰ সন্তান শ্বিনা বৰাক হত্যা কৰে৷ এই হত্যাকাণ্ডত দ্বিতীয় স্বামী সঞ্জীৱ খান্নায়ো সহযোগ কৰে৷ তদন্তৰ সময়ত শ্বিনা বৰাৰ হত্যাকাণ্ডত ইন্দ্রাণী মুখার্জীৰ তৃতীয় স্বামী পিটাৰ মুখার্জীয়েও সহযোগ কৰাৰ তথ্য চি বি আয়ে লাভ কৰাত পিটাৰ মুখার্জীকো গ্রেপ্তাৰ কৰে৷ শ্বিনা বৰাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ইন্দ্রাণী মুখার্জী আৰু তেওঁৰ স্বামী পিটাৰ মুখার্জীৰ মাজত কাৰাবাসৰ সময়তে বিবাহ বিচ্ছেদ হয়৷ চি বি আয়ে হত্যাকাণ্ডক লৈ অভিযোগনামা দাখিল কৰাৰ সময়তে ২০১৯ চনত ইন্দ্রাণী মুখার্জী আৰু পিটাৰ মুখার্জীৰ বিবাহ বিচ্ছেদ হয়৷ ২০২০ চনত পিটাৰ মুখার্জী জামিনত মুক্তিলাভ কৰে যদিও ইন্দ্রাণী মুখার্জী এতিয়াও কাৰাগাৰতে আছে৷ কাৰাবন্দী ইন্দ্রাণী মুখার্জীয়ে কাৰাগাৰত এগৰাকী কাৰাবন্দী মহিলাৰ জৰিয়তে শ্বিনা বৰা জম্মু–কাশ্মীৰত জীৱিত থকা বুলি দাবী কৰি চি বি আইলৈ পত্র প্রেৰণ কৰাৰ পাছতেই নতুন মোৰ লোৱা শ্বিনা বৰা হত্যাকাণ্ড দেশজুৰি চর্চাৰ মাজলৈ আহিছে৷

মন কৰিবলগীয়া যে ৪৯ বছৰীয়া ইন্দ্রাণী মুখার্জীয়ে শ্বিনা বৰা জীৱিত থকা বুলি দাবী কৰিলেও তদন্তকাৰী চি বি আয়ে এই বিষয়টোক লৈ বিশেষ গুৰুত্ব প্রদান কৰা নাই৷ চি বি আইৰ মুৰব্বীলৈ প্রত্যক্ষভাৱে পত্র প্রেৰণ কৰা বুলি ইন্দ্রাণী মুখার্জীৰ অধিবক্তা ছানা খানে আজি প্রকাশ কৰিলেও পত্র সন্দর্ভত বিশেষ বিতং প্রকাশ কৰা নাই৷ অৱশ্যে অধিবক্তা ছানা খানে অহা ২৮ ডিচেম্বৰত বোম্বে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিব বুলি সাংবাদিকৰ আগত অৱগত কৰে৷ ইয়াৰ পাছতেই তেওঁ ইন্দ্রাণী মুখার্জীৰ পত্র সন্দর্ভত বিশেষ প্রকাশ কৰাৰ সম্ভাৱনা আছে বুলিও ব্যক্ত কৰে অধিবক্তাগৰাকীয়ে৷

তাৎপর্যপূর্ণ যে মুম্বাই আৰক্ষী আৰু চি বি আয়ে তদন্তৰ অন্তত শ্বিনা বৰা হত্যাকাণ্ডত মূল অভিযুক্ত হিচাপে মাতৃ ইন্দ্রাণী মুখার্জীক অভিযোগনামাত নাম সন্নিৱিষ্ট কৰিছে৷ প্রসংগক্রমে উনুকিয়াব লাগিব যে ড্রাইভাৰ শ্যামবৰ ৰায়ৰ স্বীকাৰোক্তিৰ ভিত্তিত মুম্বাইৰ সমীপৰ বনাঞ্চলৰ পৰা শ্বিনা বৰাৰ অর্ধদগ্ধ মৃতদেহ উদ্ধাৰ কৰা হৈছিল৷ তথ্য আৰু সাক্ষীৰ ভিত্তিত শ্বিনা বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত ইন্দ্রাণী মুখার্জী৷ কিন্তু ইন্দ্রাণী মুখার্জীয়ে তেওঁৰ কন্যাক হত্যা কৰা নাই৷ তাৰ বিপৰীতে শ্বিনা বৰা ২০১২ চনত শিক্ষাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্রলৈ যোৱা বুলি দাবী কৰিছিল৷ ইয়াৰ পৰিপ্রেক্ষিতত কাশ্মীৰত শ্বিনা বৰা জীৱিত অৱস্থাত থকা বুলি ইন্দ্রাণী মুখার্জীয়ে চি বি আইলৈ পত্র প্রেৰণ কৰাটো অতি চাঞ্চল্যকৰ৷

You might also like