নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছ এৰিবলৈ সাজু বিধায়ক শ্বেৰমানঃ ইউডিএফ–তৃণমূল কংগ্রেছৰ পৰা আহিছে যোগদানৰ প্রস্তাৱ

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ ঐতিহাসিক ছবছৰীয়া অসম আন্দোলনৰ জাতীয় বীৰ শ্বহীদক চোৰ–ডকাইতৰ সৈতে তুলনা কৰি তাচ্ছিল্যসূচক মন্তব্য কৰি দুমাহৰো অধিক দিন ৰঙাঘৰৰ অতিথি হোৱা বাঘবৰ সমষ্টিৰ নিলম্বিত কংগ্রেছ বিধায়ক শ্বেৰমান আলী আহমেদে কংগ্রেছ দল এৰিবলৈ একপ্রকাৰ সাজু হৈছে৷ বিতর্কিত মন্তব্যৰ বাবে চৰকাৰৰ লগতে দলৰো ৰোষত পৰা বিধায়ক আহমেদে অচিৰেই কংগ্রেছ ত্যাগ কৰি পূর্বৰ এ আই ইউ ডি এফ দললৈ প্রত্যর্পণ কৰাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ বিধায়ক আহমেদলৈ এ আই ইউ ডি এফ, তৃণমূল কংগ্রেছকে ধৰি বহু দলৰ পৰা ইতিমধ্যে যোগদানৰ প্রস্তাৱো আহিছে৷ এই সন্দর্ভত বিধায়ক আহমেদে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ জে’লত থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ নেতাই তেওঁক সাক্ষাৎ কৰিছে আৰু তেওঁলোকৰ দলত যোগদানৰ আহ্বান জনায়৷ কিছুমানৰ সেই আহ্বানত যথেষ্ট আন্তৰিকতাও আছে৷ দুই–এটা ৰাজনৈতিক দলে তেওঁক দলৰ ৰাজ্যিক কমিটীৰ সভাপতিৰ দায়িত্ব লোৱাৰো প্রস্তাৱ দিছে৷

তেওঁ আৰু জানিবলৈ দিয়া মতে, সমষ্টিবাসীৰ মতামত লৈহে পৰৱর্তী পদক্ষেপ গ্রহণ কৰিব৷ ইপিনে, জে’লত থকা অৱস্থাত কংগ্রেছ হাইকমাণ্ডে তেওঁক লৈ কৰা মন্তব্যত দুখ প্রকাশ কৰি কয় যে তেওঁক শ্ব’কজ কৰা, দলৰ পৰা নিলম্বন কৰাক লৈ অকণো আক্ষেপ নাই৷ সেই সময়ত ৫ বিধানসভা সমষ্টিৰ উপ–নির্বাচনৰ বাধ্য–বাধকতাৰ বাবেও হয়তো দলে নিলম্বন, শ্ব’কজ কৰিব পাৰে৷ কিন্তু তেওঁক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ এজেণ্ট বুলি কোৱা কথাত যথেষ্ট দুখ পাইছে, ব্যথিত হৈছে৷

ইফালে, দুমাহৰ অধিক সময় কাৰাগাৰত কটোৱাৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে কাৰাগাৰৰ মহাপৰিদর্শক আৰু অধীক্ষকে যথেষ্ট দুর্নীতি কৰি আছে৷ কাৰাগাৰৰ মহাপৰিদর্শকে হাজোতী আৰু কয়দীৰ সৈতে কথাই নাপাতে৷ কাৰাগাৰৰ ভিতৰত ড্রাগ্ছৰ ৰমৰমীয়া ব্যৱসায় চলাৰো তেওঁ গুৰুতৰ অভিযোগ কৰে৷ গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত ৰোগীক কয়দীয়ে বেজীপর্যন্ত দিয়ে৷ ২৫জন লোক থাকিব পৰা কোঠা এটাত ১০০জনৰো অধিক লোক ৰখা হয়৷ শৌচাগাৰৰ অৱস্থাও শোচনীয়, জৰাজীর্ণ৷ বিশুদ্ধ খোৱাপানীৰো অভাৱ৷ অহা ৫ বছৰত কাৰাগাৰৰ আন্তঃগাঁথনি আৰু ব্যৱস্থা উন্নত কৰাৰ বাবে তেওঁ কাম কৰি যাব বুলিও প্রকাশ কৰে৷

You might also like