পুনৰ উৎপাদন আৰম্ভ হ’ব শিলঘাট মৰাপাট কলত; বিত্তমন্ত্রীৰ ১০ কোটিৰ সাহায্য ঘোষণাৰ পাছত শ্রমিকৰ আনন্দ–উল্লাস
নিয়মীয়া বাৰ্তা, ১৪ নবেম্বৰঃ অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শিলঘাটৰ অসম সমবায় মৰাপাট কললৈ ১০ কোটি টকাৰ সাহায্য ঘোষণা কৰাত মৰাপাট কলটোৰ শ্রমিকসকল উৎফুল্লিত হৈছে৷ সংবাদ মাধ্যমত এই খবৰ বিয়পি পৰাৰ পাছতে মৰাপাট কলটোৰ শ্রমিকসকলে আতচবাজী, ফটকা ফুটাই আনন্দ প্রকাশ কৰে৷ শ্রমিকসকলে মৰাপাট কলটোৰ পৰিচালনা সমিতিৰ উপ–সভাপতি পলাশ বৰাক আদৰণি জনায়৷
উল্লেখ্য যে বিগত ১২ দিন ধৰি সম্পূর্ণৰূপে উৎপাদন বন্ধ হৈ থকা মৰাপাট কলটোৰ অনিশ্চিত ভৱিষ্যতক লৈ শংকিত হৈ পৰিছিল শ্রমিক ৰাইজ৷ কালি সন্ধিয়া মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জনতা ভৱনত জলসম্পদ মন্ত্রী কেশৱ মহন্তৰ উপস্থিতিত অনুষ্ঠিত কৰা এখন বৈঠকত মৰাপাট কলটোৰ আর্থিক সংকটৰ জোৰা মাৰিবৰ বাবে ১০ কোটি টকাৰ আর্থিক সাহায্য ঘোষণা কৰিছিল৷ উল্লেখ্য যে ২ নৱেম্বৰত মৰাপাট কলটোত সংঘটিত এক অপ্রীতিকৰ পৰিস্থিতিৰ বাবে মৰাপাট কলটোৰ উৎপাদন বন্ধ হৈ পৰিছিল৷ কলটোত সংঘটিত অপ্রীতিকৰ ঘটনা সন্দর্ভত ৰাজ্য চৰকাৰে তদন্ত ঘোষণা কৰিছে বুলি জানিব পৰা গৈছে৷
উল্লেখ্য যে শেহতীয়াভাৱে মৰাপাট কলটোত হোৱা আর্থিক সংকটৰ বাবে মৰাপাট কল কর্তৃপক্ষই মৰাপাট যোগনিয়াৰ ব্যৱসায়ীসকলক ১১ কোটি টকা দিবলৈ বাকী আছিল৷ মৰাপাট যোগান ধৰা ব্যৱসায়ীসকলে প্রাপ্য ধন নাপালে মৰাপাট যোগান নধৰাৰ হুংকাৰ দিছিল৷ যাৰ বাবে মৰাপাট কল কর্তৃপক্ষই এই সংকটৰ জোৰা মাৰিবৰ বাবে শ্রমিকৰ মজুৰি কর্তনৰ এক প্রস্তাৱ দাঙি ধৰিব বিচাৰিছিল৷ ইয়াক কেন্দ্র কৰিয়েই মৰাপাট কলটোত ২ নৱেম্বৰত সংঘটিত হৈছিল অপ্রীতিকৰ ঘটনা৷ তেতিয়াৰ পৰা মৰাপাট কলটোৰ উৎপাদন বন্ধ হৈ আছিল৷ কালি মন্ত্রী ড০ শর্মাই সাহায্য ঘোষণা কৰাৰ লগে লগে মৰাপাট কলটোত পুনৰ উৎপাদন প্রক্রিয়া আৰম্ভ হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিল৷
মৰাপাট কল কর্তৃপক্ষই জনোৱা মতে, অতি শীঘ্রেই মৰাপাট কলটোত উৎপাদন আৰম্ভ কৰা হ’ব৷ শ্রমিকসকলকো কাইলৈৰ ভিতৰত পাবলগীয়া মজুৰিৰ আংশিকভাৱে আদায় দিয়া হ’ব বুলি জানিব পৰা গৈছে৷ ৰাজ্য চৰকাৰৰ এই পদক্ষেপে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে মৰাপাট কলটোলৈ৷ মৰাপাট কলটোৰ শ্রমিকসকলৰ লগতে কলিয়াবৰৰ ৰাইজে মন্ত্রী ড০ শর্মা আৰু কেশৱ মহন্তক ধন্যবাদ জ্ঞাপন কৰিছে৷