নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পতীয়া চাপৰিত আনন্দৰ বন্যাঃ দৰিদ্ৰতাক নেওচি ষ্টাৰ মাৰ্ক সহ প্ৰথম বিভাগত উজলিল ৰিম্পী আৰু হেমালক্ষী

নিয়মীয়া বাৰ্তা, ৮ জুনঃ আৰ্থিক দৈন্য যে প্ৰতিভা বিকাশৰ হেঙাৰ হব নোৱাৰে সেই কথাকেই পুনৰ প্ৰতিপন্ন কৰি সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ মাৰ্ক সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ পতীয়া চাপৰি অঞ্চলত উজ্বলি উঠিল বৰ পতীয়া গাঁৱৰ অতি দুখীয়া পৰিয়ালৰ ছাত্ৰী ৰিম্পী খনিকৰ আৰু হেমালক্ষী খনিকৰে ৷ বাৰীৰ নেমু আৰু শাক পাচলি আদি আৰ ঘৰে তাৰ ঘৰে বিক্ৰী কৰি কোনোমতে পৰিয়াল পোহপাল দি অহা দুখীয়া কৃষক বাসুদেৱ খনিকৰ আৰু নিভাৰাণী খনিকৰৰ কন্যা ৰিম্পীয়ে এইবাৰ সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱত্তিন্ন হৈ সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ত লেটাৰ মাৰ্ক লৈ ষ্টাৰ মাৰ্ক সহ প্ৰথম বিভাগত উত্তিন্ন হয় ৷ আনহাতে এখন বে চৰকাৰী কনিষ্ঠ মহাবিদ্যালয়ত কৰ্মৰত বৰ পতীয়া গাওঁৰ দুখীয়া সাধাৰণ ক্‌ষক দ্বিপেন খনিকৰ আৰু বিজুমণি খনিকৰৰ কন্যা হেমালক্ষী খনিকৰে অসমীয়া অংক আৰু সমাজ বিজ্ঞান বিষয়ত লেটাৰ মাৰ্ক লৈ ষ্টাৰ মাৰ্ক সহ প্ৰথম বিভাগত উত্তিন্ন হৈ বিদ্যালয় খনৰ লগতে পতীয়া চাপৰি অঞ্চলটোলৈকো গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত সন্তোষ প্ৰকাশ কৰিছে পতীয়া চাপৰি অঞ্চল বাসীয়ে ৷ বৰ পতীয়া প্ৰাথমিক বিদ্যালয়ত জীৱনৰ আদি পাঠ গ্ৰহণ কৰা ছাত্ৰী দুগৰাকীয়ে গাওঁখনলৈ প্ৰথমবাৰৰ বাবে এনে সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত উৎফুল্লিত প্ৰাথমিক বিদ্যালয় খনৰ শিক্ষক সকলো ৷
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like