নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত উদ্ভিদ-প্ৰাণীবিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ

নিয়মীয়া বাৰ্তা, ২৬ জুনঃ ১৯৯৬ চনৰ ২৮ ফেব্ৰুৱাৰীৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ দিনা জিলাখনৰ ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ ধেমাজি জিলাৰ চিলাপথাৰত প্ৰাণ পাই উঠা চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত চলিত বৰ্ষৰ পৰা আৰম্ভ হ’ব প্ৰাণীবিজ্ঞান আৰু উদ্ভিদ বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ পাঠ্যক্ৰম৷ অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ অধীনত মহাবিদ্যালয়খনৰ বিভাগ দুটাত সংৰক্ষিত হ’ব ২৫ খনকৈ আসন৷ বিশেষকৈ শিক্ষাৰ্থীসকলক বিজ্ঞানৰ উচ্চ শিক্ষা প্ৰদানেই মূল লক্ষ্য আৰু প্ৰায়োগিক শিক্ষা আৰু বৃত্তিমুখী শিক্ষা আদি মূল উদ্দেশ্য হিচাপে লৈ বিশাল মহীৰূহৰ দিশে ধাৱমান হোৱা মহাবিদ্যালয়খনৰ অমৃতপুৰ, গান্ধীনগৰ আৰু লিকাবালিস্থিত মালিনীপুৰত ৩ টা চৌহদ অৱস্থিত বুলি অধ্যক্ষ ড॰ ৰঞ্জিত শইকীয়াই সাংবাদিকৰ আগত সদৰী কৰিছে৷

প্ৰণিধানযোগ্য যে, সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিজ্ঞান শিক্ষাৰ অগ্ৰণী এই শিক্ষানুষ্ঠানখনে সন্তোষজনক ফলাফল দেখুৱাবলৈ সক্ষম হৈছে৷ বিশেষভাৱে বিগত বৰ্ষসমূহৰ দৰে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এইবৰ্ষতো মহাবিদ্যালয়খনে ৯৮ শতাংশ উত্তীৰ্ণৰে উৎকৃষ্ট ফলাফল দেখুৱাবলৈ সক্ষম হৈছে৷ ইয়াৰে ২ জনে ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হয়৷ মহাবিদ্যালয়ৰ মুঠ ২০১ জন পৰীক্ষাথীৰ্ৰ ভিতৰত ৫৮ জেন প্ৰথম স্থান, ১০৪ জনে দ্বিতীয় স্থান আৰু ৩৫ জেন তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে৷

You might also like