নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিলাপথাৰত গৰু বেপাৰীক আৰক্ষীৰ হাৰাশাস্তি, আৰক্ষীৰ শীৰ্ষ মহলক কঠোৰ সকীয়নি সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগুৰ

উপায়ুক্ত আৰক্ষী অধীক্ষকলৈ গৰু মোকলাই দিবলৈ দিছপুৰৰ কঠোৰ বাৰ্তা

নিয়মীয়া বাৰ্তা , ২২ জুলাইঃ ধেমাজি জিলাৰ চিলাপথাৰত আৰক্ষীয়ে ২১৭ টা গৰু জব্দক লৈ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে। আৰক্ষীয়ে অবৈধ আৰু চুৰি গৰু বুলি জব্দ কৰাৰ বিপৰীতে বেপাৰীয়ে সম্পূৰ্ণ বৈধ বুলি বাৰে বাৰে আৰক্ষীক প্ৰতিটো গৰুৰ নথি পত্ৰ প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছে যদিও এইক্ষেত্ৰত আৰক্ষী নাচোৰবান্দা। বেপাৰীৰ নথিপত্ৰ পৰীক্ষাৰ সৌজন্যতাবোধ নকৰি একপক্ষীয় আৰু দাবী ধমকিৰে চোৰাং গৰু সজাই ভাৰতীয় দণ্ড বিধি আইনৰ ৩৭৯/৪২০৪১১/৩৪ ধাৰাৰ ৩০৩/২০ গোচৰ পঞ্জীয়ন কৰি ২১৭ টা গৰু জব্দ কৰাৰ লগতে বেপাৰীৰ ওপৰত মানসিক নিৰ্যাতন আৰম্ভ কৰে। যোৱা কালি ভুক্তভোগী গৰু ব্যৱসায়ীসকলে চিলাপথাৰস্থিত বাসভৱনত লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাই সমষ্টিৰ স্থানীয় বিধায়ক ভূৱন পেগুক সাক্ষাৎ কৰি সমগ্ৰ বিষয়টো অৱগত কৰাৰ লগতে গৰুৰ বৈধ নথি পত্ৰ প্ৰদৰ্শন কৰাত আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। লগে লগে জিলা আৰক্ষী অধীক্ষকক যোগাযোগ কৰি জব্দ কৰা গৰু কেইটা বেপাৰীক মুকলি কৰি দিবলৈ জনোৱাৰ লগতে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ৰাজ্যৰখনৰ শীৰ্ষ আৰক্ষী মহলক কঠোৰ সকীয়নি প্ৰদান কৰি বিষয়টোক অসমৰ মুখ্যমন্ত্ৰীক অৱগত কৰে। বিষয়টোৰ সন্দৰ্ভত আজি দিছপুৰৰ পৰা জিলা উপায়ুক্তই এক বিশেষ বাৰ্তা লাভ কৰা বুলি জানিব পৰা গৈছে। ইয়াৰ লগে লগে জব্দ কৰা গৰুৰ সন্দৰ্ভত আৰক্ষী তৎপৰ হয়। উল্লেখ্য যে স্থানীয় ব্যৱসায়ী সকলৰ লগত নিজৰ পোহনীয়া গৰু-মহ বিনিময়েই গ্ৰাম্য অৰ্থনীতিৰ মূল চালিকাশক্তি আৰু এই প্ৰথা দশক দশক ধৰি চলি আছে। একাংশ অবিবেচক আৰক্ষীয়ে এই প্ৰথা নিশেষ কৰি আৰক্ষীয়ে চিণ্ডিকেট চলাবলৈ বিছাৰিছে আৰু এই কাৰ্য মই কেতিয়াও সফল হৱলৈ নিদিওঁ বুলি বিধায়ক ভূৱন পেগুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গোহালিৰ গৰু চুৰি গৰু সজাই জব্দ কৰা আৰক্ষীয়ে শাস্তি নোপোৱা পৰ্যন্ত ক্ষান্ত নাথাকো বুলি স্পষ্ট কৰাৰ লগতে এই কাণ্ডত জৰিত মধ্যভোগী দুস্কৃতিকাৰী সকলকো কঠোৰ সকিয়নী প্ৰদান কৰে। অৱশেষত জিলা উপায়ুক্তৰ হস্তক্ষেপত আত্মসন্মানত দগ্ব আৰক্ষী অধীক্ষকে জব্দ কৰা গৰুৰ সামান্য নথি পত্ৰ পৰীক্ষা কৰিয়ে গৰু মুকলি কৰি দিবলৈ প্ৰস্তুতি চলাইছে।

You might also like