নিয়মীয়া বাৰ্তা ১৮জুলাইঃ ছিপাঝাৰত আজি সংঘটিত হোৱা দুৰ্ঘটনাই উন্মোচিত কৰিলে সামাজিক ব্যৱধান উলংঘনৰ ভয়াবহ ছবি।চৰকাৰ-প্ৰশাসন কিম্বা চিকিৎসকে যিমানেই সজাগ কৰিবলৈ চেষ্টা নকৰক কিয়, মাৰাত্মক ক’ভিড-১৯ ভাইৰাছ সন্দৰ্ভত সাধাৰণ ৰাইজ যে তিলমানো সচেতন নহয় সেয়া প্ৰমাণ হ’ল পুনৰ এবাৰ।উল্লেখযোগ্য যে এ টি এমত ধন জমা থবলৈ যোৱা গাড়ী এখন আজি দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে স্থানীয় ৰাইজে দুৰ্ঘটনাগ্ৰস্থ ঠাইডোখৰত সৃষ্টি কৰিলে অভাৱনীয় ভিৰ।কিন্তু মাস্ক নোহোৱাকৈ ঘৰৰ বাহিৰলৈ ওলাই নাহিবলৈ প্ৰশাসনে বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো সংখ্যকৰে নাই মুখত মাস্ক।তদুপৰি প্ৰতিজন লোকেই আছে ইটোৱে সিটোৰ লগত গা লগাই।
উল্লেখ্য যে এ এচ-০১/ ই চি ৮৭৩২নম্বৰৰ এ টি এমৰ টকা সৰবৰাহ কৰা গাড়ীখন ছিপাঝাৰ-পাথৰিঘাট গড়কাপ্তানী পথৰ কঠামাৰাত পতিত হয় এটা দুৰ্ঘটনাত।দুটা পথৰ সংযোগস্হলৰ উক্ত ঠাইডোখৰত আন এখন গাড়ীয়ে খুন্দা মৰাৰ ফলতেই পথৰ দাতিৰ দ খাৱৈত বাগৰি যায় গাড়ীখন।টকাৰ বেগ সহ দ খাৱৈত বাগৰি পৰাৰ পিছতে স্হানীয় ৰাইজ ওলাই আহে দূৰ্ঘটনাগ্ৰস্ত ঠাইডোখৰলৈ।দুৰ্ঘটনটোত গাড়ীখনৰ আৰোহীৰ বিশেষ একো হানি বিঘিনি নহল যদিও নিমিষৰ ভিতৰতে গোট খালে কেইবাশ লোক।
দুৰ্ঘটনাস্হলীত যেন ফুটুকাৰ ফেন হৈ পৰিল চৰকাৰী সকলো নীতি নিদেৰ্শনা ।আৰু ক’ৰোনাৰ আতংকই যেন চুবই পৰা নাই সাধাৰণ ৰাইজক।যেন এবাৰ ওচৰৰ পৰা নাচেলেই নহয়েই।একাংশ আকৌ ব্যস্ত মবাইলেৰে ফটো তোলাত।কাৰোৰে ভ্ৰক্ষেপেই যেন নাই , জিলাখনত চলি আছে ১৪৪ধাৰা।দুৰ্ঘটনাৰ লগত ব্যস্ত হৈ থকা আৰক্ষীৰো ভ্ৰক্ষেপেই নাই পৰিস্থিতি নিয়ন্ত্রণ কৰাক লৈ। দ্ৰুত গতিত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়তে ছিপাঝাৰৰ এই ঘটনাই যেন ভয়াবহ ইংগিত কঢ়িয়াই আনিছে।লক্ষণীয় যে পৰৱৰ্তী পৰ্যায়ত দুৰ্ঘটনা গাড়ীখনৰ পৰা টকাৰ বেগটো উদ্ধাৰ কৰি তাত থকা ৬৫লাখ টকা সুকলমেই উদ্ধাৰ কৰা হয়।