নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শৈশৱতে লাভ কৰা শিক্ষা জীৱনত পাহৰিব নোৱাৰি

অসম শিশু সাহিত্য ন্যাসৰ নৱনির্মিত ভৱন উদ্বোধন মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ শৈশৱত লাভ কৰা জ্ঞানে জীৱনৰ মেৰুদণ্ড হিচাপে কাম কৰে৷ ল’ৰালি কালত লাভ কৰা শিক্ষা জীৱনত কেতিয়াও পাহৰিব নোৱাৰি৷ শিশুসকলক আদর্শ নাগৰিক হিচাপে গঢ়ি তোলাৰ ক্ষেত্রত শিশু সাহিত্যৰ ভূমিকা অতি গুৰুত্বপূর্ণ৷ সাহিত্যিকসকলে শিশু সাহিত্যৰ মাধ্যমেদি নৱপ্রজন্মক সুস্থ মানসিকতা আৰু বৌদ্ধিক বিকাশত বিশেষ গুৰুত্ব দিব লাগিব৷’ –এই মন্তব্য মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷ আজি চানমাৰি কৃষ্ণনগৰত নৱনির্মিত অসম শিশু সাহিত্য ন্যাসৰ স্থায়ী ভৱন উদ্বোধন কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে লগতে কয় যে ৩৩ বছৰীয়া দীর্ঘ পৰিক্রমাৰ অন্তত শিশু সাহিত্য ন্যাসে এটা স্থায়ী ভৱন লাভ কৰিলে৷ সাহিত্যৰ জৰিয়তে শিশুৰ চৰিত্র গঠন কৰি তেওঁলোকক আদর্শ নাগৰিক হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই ন্যাস গঠন কৰা হৈছিল৷ বহু ঘাত–প্রতিঘাতৰ মাজেৰে ন্যাসৰ বিষয়ববীয়াসকলে লক্ষ্য প্রাপ্তিৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি অহাত ন্যাসৰ সচিব হূষীকেশ গোস্বামীকে ধৰি বিষয়ববীয়াসকলক মুখ্যমন্ত্রীয়ে শলাগ লয়৷ ভাষণত মুখ্যমন্ত্রী সোণোৱালে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশৰ জনসাধাৰণৰ মাজত ৰাষ্ট্রবাদী ভাবধাৰা অধিক গভীৰ কৰিবলৈ ‘এক ভাৰত শ্রেষ্ঠ ভাৰত’ কার্যসূচী গ্রহণ কৰিছে৷ যাতে ইয়াৰ জৰিয়তে সাংস্কৃতিক ভাব বিনিময় আৰু জীৱন শৈলীৰ আদান–প্রদান সম্ভৱ হয়৷ এনেধৰণৰ ভাব বিনিময় কার্যসূচী অবিহনে শক্তিশালী ৰাষ্ট্র নির্মাণ কৰাটো যথেষ্ট জটিল৷

ভাষণত মুখ্যমন্ত্রীয়ে কর্মৰ জৰিয়তে গুৰুত্বপূর্ণ স্থান দখল কৰা তথা নিজ নিজ ৰাজ্যত সমাদৃত ব্যক্তিসকলৰ জীৱন কাহিনীৰ আলম লৈ সাহিত্য ৰচনা কৰিবলৈ ৰাজ্যৰ শিশু সাহিত্যিকসকলক আহ্বান জনায়৷ লগতে শিশুসকলে যাতে শৈশৱ কালতে ৰাজ্যৰ সম্পদ, সম্ভাৱনা, কৃষ্টি–সংস্কৃতি ৰীতি–নীতি, পৰম্পৰাৰ আভাস পাব পাৰে সেই দিশৰ প্রতি গুৰুত্ব আৰোপ কৰি শিশু সাহিত্যিকসকলক গ্রন্থ ৰচনা কৰিবলৈও আহ্বান জনায়৷ অনুষ্ঠানত অংশগ্রহণ কৰি শিক্ষা, বিত্ত, স্বাস্থ্য, লোকনির্মাণ বিভাগৰ মন্ত্রী তথা শিশু সাহিত্য ন্যাসৰ সভাপতি ড০ হিমন্ত বিশ্ব শর্মাই ভাষণত কয় যে শিশু অৱস্থাত আহৰণ কৰা জ্ঞানে পৰৱর্তী সময়ত জীৱন পৰিচালনাত বিশেষ ভূমিকা লয়৷ শিশু সাহিত্যৰ জৰিয়তে মানুহৰ চৰিত্র গঠন আৰু সভ্যতা–সংস্কৃতি নির্মাণ হয়৷ সেই দিশৰ প্রতি লক্ষ্য ৰাখি শিশু সাহিত্যৰ বিষয়ববস্তু বাছনি কৰোঁতে বহু চিন্তাচর্চাৰ প্রয়োজন আছে৷ শিশু সাহিত্যই যাতে শিশুৰ মনত ভৱিষ্যতৰ স্পষ্ট ৰূপ দিব পাৰে আৰু তেওঁলোকৰ মনত গভীৰ সাঁচ পেলাব পাৰে তাৰ ওপৰত গুৰুত্ব দি বিষয়বস্তু নির্বাচন কৰিব লাগে৷ ভাষণত মন্ত্রী হিমন্ত বিশ্ব শর্মাই শিশু সাহিত্যত যাতে সত্যৰ প্রতিফলন হোৱাৰ লগতে পৰিয়াল, পিতৃ–মাতৃ, ৰাষ্ট্র আৰু সংস্কৃতিৰ প্রতি ভক্তিভাব জাগ্রত হয় সেই বিষয়তো গুৰুত্ব দিয়া উচিত বুলি মন্তব্য কৰে৷ অনুষ্ঠানত আদৰণী ভাষণ দি ন্যাসৰ সচিব তথা মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামীয়ে কয় যে ১৯৮৭ চনৰ ২৩ মার্চত ৰাজ্যৰ প্রাথমিক শিক্ষা বিভাগৰ অধীনত এই ন্যাসৰ জন্ম হৈছিল৷ প্রতিষ্ঠা কালৰে পৰা ন্যাসে শিশুৰ সাহিত্য, শিশুসকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে বিভিন্ন প্রতিযোগিতা অনুষ্ঠিত কৰি আহিছে৷ ৩৩ বছৰৰ মূৰত মুখ্যমন্ত্রীৰ আছুতীয়া পুঁজিৰ অনুদানেৰে অসম অভিযান্ত্রিক প্রতিষ্ঠানে প্রদান কৰা ভূমিত ন্যাসৰ স্থায়ী গৃহটো নির্মাণ কৰি উলিওৱা হৈছে৷

ভাষণত গোস্বামীয়ে মুখ্যমন্ত্রী আৰু স্বাস্থ্যমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰি শিশুসকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশ অবিহনে এখন দেশৰ সর্বাংগীন উন্নয়ন বাস্তৱায়িত কৰিব পৰাটো সম্ভৱ নহয় বুলি মন্তব্য কৰে৷ এই অনুষ্ঠানতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলে ন্যাসৰ দ্বাৰা প্রকাশিত ২৩খন গ্রন্থ ন্যাসৰ পুস্তিকা উন্মোচন কৰে৷ অনুষ্ঠানত মুখ্যমন্ত্রী সোণোৱালে ন্যাসৰ ৱেবছাইটটো আনুষ্ঠানিকভাৱে মুকলি কৰে৷ ন্যাসে প্রকাশ কৰা গ্রন্থকেইখন ক্রমে– গণিতৰ আমোদ লওঁ আহা, অকণিৰ ৰহঘৰা, এখন সেউজী পৃথিৱীৰ সপোন, ভাৰতৰ শ্রেষ্ঠ বিজ্ঞানী, কেতেকী চৰাইৰ সাধু, ৱাটাৰ কালাৰ প্রেকটিচ, শ্রেষ্ঠ গৰম বন্ধটো, ৰ’দ’দেনড্রনৰ সুবাস লৈ হিমালয়ৰ শিখৰত, ৰাজু, মিকু, হৰবিন্দৰহত, শিশুৰ বাবে ভিন্ন সোৱাদ, সেউজ সপোনৰ মেলা, আবেলি বেলিৰ ৰং, স্বপ্ণময় বুঢ়া পাহাৰৰ ৰহস্য, ৰংমনহঁতৰ দুঃসাহসিক অভিযান, চুনুমুনুৰ অভিযান, মধুৰ আকৌ আহিব, মাহুৰ মাইবাং, আহোম বুৰঞ্জীৰ মৌকোঁহ, হিমানী হিমালয় অভিযান, সিহঁতো আমাৰ বংশধৰ আৰু যাতায়াতৰ কথা৷ অনুষ্ঠানত মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, মন্ত্রী ভবেশ কলিতা, বিধায়ক তথা ন্যাসৰ প্রথমগৰাকী সভাপতি বৃন্দাবন গোস্বামী, বিধায়ক ঋতুপর্ণ বৰুৱা, মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্যমন্ত্রীৰ কার্যালয়ৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, শিক্ষা বিভাগৰ আয়ুক্ত–সচিব প্রীতম শইকীয়া, মুখ্যমন্ত্রীৰ বিশেষ আয়ুক্ত ৰঞ্জন চক্রৱর্তী প্রমুখ্যে কেইবাগৰাকীও সাহিত্যিক, জ্যেষ্ঠ সাংবাদিক আৰু গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷

You might also like