নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত নকল সামগ্ৰী বিক্ৰীৰ অভিযোগত ছজনক আটক আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ দেওবাৰে ৰঙিয়াত ৬জনকৈ লোকক নকল সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । লখিমপুৰৰ পৰা আহি ৰঙিয়াত ভাৰাঘৰত বাহৰ পাতি থকা লোককেইজনে নকল সামগ্ৰীৰ বেহা অৱ্যাহত ৰাখিছিল ।এ ক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই লোককেইজনক হাতে-লোটে আটক কৰে । আটকাধীন লোককেইজনৰ পৰা নকল সোণৰ যিশুৰ মূৰ্তি, নাও, মোবাইল ফোন আৰু নগদ ধনসহ কেইবাখনো  এটিএমো জব্দ কৰে । অধিক তথ্যৰ বাবে ধৃত লোককেইজনক জেৰা অৱ্যাহত ৰাখিছে আৰক্ষীয়ে ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like