হোজাই আৰক্ষীৰ সামাজিক দায়বদ্ধতা : বানাক্ৰান্তৰ মাজত বিতৰণ কৰিলে খাদ্য সামগ্ৰী
নিয়মীয়া বার্তা, ২১ মে :- হোজাই জিলাৰ বিভিন্ন প্ৰান্তত বানত আক্ৰান্ত লোকসকলে এমুঠি খাদ্যবস্তু আৰু এটুপি বিশুদ্ধ খোৱাপানীৰ অভাৱত ভয়ংকৰ সংকটৰ সন্মুখীন হৈছে৷ একাংশ দল সংগঠন আৰু ব্যক্তি বিশেষে এইসকল লোকক পাৰ্যমানে সাহায্য আগবঢ়াইছে যদিও সেয়া পৰ্যাপ্ত নহয়৷ এইবাৰ বানাক্ৰান্ত এইসকল লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিল হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষী৷ ৰাইজৰ কাষত, ৰাইজৰ মাজত: অসম আৰক্ষী৷ এই শ্লোগানক আওৰাই সামাজিক দায়ৱদ্ধতাৰ পৰিচয় দি মোৰাঝাৰ আৰক্ষী আৰু মোৰাঝাৰ গাঁওৰক্ষী বাহিনীয়ে যমুনামুখৰ বানাক্ৰান্তক বিতৰণ কৰিলে খাদ্য সামগ্ৰী৷ হোজাই আৰক্ষী অধীক্ষক বৰুন পুৰকায়স্থৰ বিশেষ উদ্যোগত মোৰাঝাৰ আৰক্ষী বিষয়া বিজয় কৃষ্ণ দাসে মোৰাঝাৰ গাঁওৰক্ষী বাহিনীৰ সহযোগত যমুনামুখৰ নগঞাপামত থকা প্ৰায় ২৫০ টা বানাক্ৰান্ত পৰিয়ালক চাউল, দালি, তেল, বিস্কুট আদি খাদ্য- সামগ্ৰী প্ৰদান কৰি সামাজিক দায়ৱদ্ধতাৰ পৰিচয় দিয়ে৷ যি সময়ত বটদ্ৰৱাত একাংশ উত্তেজিত লোকে আৰক্ষী থানা জ্বলাই দিছে সেই সময়ত মোৰাঝাৰ আৰক্ষীয়ে বানাক্ৰান্ত সকললৈ সহায়ৰ হাত আগবঢ়োৱা বিষয়টো চৰ্চিত হৈ পৰিছে৷ স্থানীয় ৰাইজ আৰু দল সংগঠনে আৰক্ষীৰ এই ভূমিকাক প্ৰশংসা কৰিছে৷
প্ৰেৰক কিশলয় ডি গোস্বামী