মাডাৰ্ছ অল্ড এজ হোম’ত উপস্থিত মন্ত্ৰী অজন্তা নেওগ
নিয়মীয়া বাৰ্তা ২৪ জুনঃ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই ‘মাডাৰ্ছ অল্ড এজ হোম’ত উপস্থিত হ’লগৈ বিত্ত তথা সমাজকল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ।
মন্ত্ৰী নেওগে গুৱাহাটীৰ হাতীগাঁওস্থিত ‘মাডার্ছ অ’ল্ড এজ হোম’ত উপস্থিত হৈ শেহতীয়াকৈ বৃদ্ধাৱাসখনৰ পৰিচালনাৰ ক্ষেত্ৰত সৃষ্টি হোৱা বেমেজালিৰ বুজ লয়।
লগতে পৰিচালনাৰ দ্বায়িত্বত থকা উৎপল হৰ্ষবৰ্ধন আৰু মণিকা শৰ্মাৰ সৈতে বাৰ্তালাপত মিলিত হৈ অতিশীঘ্ৰে সকলো বেমেজালিৰ ওৰ পেলাই বৃদ্ধাশ্ৰমখনত আশ্ৰয় লৈ থকা জ্যেষ্ঠ নাগৰিকসকলৰ অসুবিধাসমুহ দূৰ কৰাৰ বাবে নিৰ্দেশ দিয়ে। পৰিচালকদ্বয়ে আগন্তুক দিনত সমিলমিলেৰে আইতাসকলৰ যত্ন ল’ব বুলি মন্ত্ৰী গৰাকীক প্ৰতিশ্ৰুতি দিছে।
লগতে মন্ত্ৰী অজন্তা নেওগে জানিবলৈ দিয়ে যে বৃদ্ধাৱাসখন পৰিচালনা কৰিবৰ বাবে চৰকাৰৰ তৰফৰপৰা প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱা হ’ব। ৰাজ্যৰ জ্যেষ্ঠ নাগৰিকসকলৰ সামাজিক সুৰক্ষা সুনিশ্চিতকৰণৰ ক্ষেত্ৰত আমাৰ চৰকাৰ সদায় দায়বদ্ধ বুলিও উল্লেখ কৰে।