নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিস্থিতি চম্ভালিবলৈ সাজু ৰাজ্য চৰকাৰ

অমিক্রনক লৈ উদ্বিগ্ণ স্বাস্থ্য বিভাগ

নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ দেশৰ বিভিন্ন ৰাজ্যত ক্রমাৎ ভয়াৱহ ৰূপ ধৰা অমিক্রনৰ সংক্রমণক লৈ উদ্বিগ্ণ হৈ আছে ৰাজ্যৰ স্বাস্থ্য বিভাগ৷ পৰিস্থিতিৰ প্রতি নজৰ ৰখা স্বাস্থ্য বিভাগে ইতিমধ্যে প্রতিখন জিলাকে সম্ভাব্য পৰিস্থিতিৰ বাবে সাজু হৈ থাকিবলৈ নির্দেশ দিছে৷ আজি এই কথা উল্লেখ কৰিলে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয়– অমিক্রন ৰোধ কৰিবলৈ স্বাস্থ্য বিভাগে সকলো ধৰণে প্রস্তুতি চলাইছে৷ আন্তঃৰাষ্ট্রীয় যাতায়াত কৰা ৰাজ্যৰ একাংশ যাত্রী ক’ভিডত আক্রান্ত হোৱাৰ তথ্য আছে৷ কিন্তু তেওঁলোক অমিক্রনৰ দ্বাৰা আক্রান্ত হোৱা নাই৷ বর্তমান অসমত এজনো অমিক্রন আক্রান্ত ৰোগী নাই৷ মন্ত্রীগৰাকীয়ে আজি ইয়াকো স্পষ্ট কৰে যে সম্ভাব্য পৰিস্থিতিক লৈ ইতিমধ্যে যি নতুন এছ অ’ পি বলৱৎ কৰা হৈছে, সেই এছ অ’ পিৰ নির্দেশনা কঠোৰভাৱে বলৱৎ কৰা হ’ব৷ কেৱল ৩১ ডিচেম্বৰৰ নিশা সান্ধ্য আইন শিথিল কৰা হৈছে৷ অন্যান্য সকলো ক’ভিড নির্দেশনা এছ অ’ পি অনুসৰিয়েই প্রযোজ্য হ’ব৷
দক্ষিণ আফ্রিকাৰ পৰা অহা ডিব্রুগড়ৰ ছাত্র ক’ভিড পজিটিভঃ অমিক্রন আক্রান্তৰ সন্দেহত তীব্র আতংক
সমগ্র বিশ্বতে এতিয়া ক’ৰোনাৰ নতুন ভেৰিয়েণ্ট অমিক্রনৰ আতংক আকৌ এনে সময়তে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ এজন ছাত্রৰ দেহত অমিক্রনৰ সন্দেহ ঘনীভূত হোৱাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আকৌ বহুতৰে আশংকা ডিব্রুগড় পালেহি নেকি অমিক্রন জানিব পৰা মতে দক্ষিণ আফ্রিকাৰ পৰা অহা এজন ছাত্রৰ দেহত প্রাথমিক পৰীক্ষাত অমিক্রনৰ সন্দেহ কৰা হৈছে যদিও এতিয়াও সুস্পষ্ট হোৱা নাহ৷ প্রায় এসপ্তাহৰ পূর্বে দক্ষিণ আফ্রিকাৰ পৰা আহিছিল ছাত্রজন৷ আফ্রিকা মহাদেশৰ টাঞ্জানিয়াৰ পৰা অহা এজন মণিপুৰৰ ব্যক্তিৰ দেহত অমিক্রন ধৰা পৰাৰ কথা ভাৰতীয় স্বাস্থ্য মন্ত্রালয়ে হতিমধ্যে সদৰী কৰিছে৷ সন্দেহযুক্ত ছাত্রজনৰ লাহোৱালৰ আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্রৰ পৰীক্ষাগাৰত পজিটিভ ধৰা পৰাত যোৰহাটলৈ পৰীক্ষাৰ বাবে প্রেৰণ কৰা হৈছে নমুনা৷ বর্তমানে ডিব্রুগড়ৰ জকাহ ক’ভিড হাস্পতালৰ আহছ’লেচনত ৰখা হৈছে ছাত্রজনক৷ জানিব পৰা মতে, ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ফার্মাষ্টিটিকেল ছায়েঞ্চত অধ্যয়নৰত ছাত্রজন৷ এহ সম্পর্কত ডিব্রুগড় জিলাৰ স্বাস্থ্য বিভাগৰ ক’ভিডৰ ন’ডেল বিষয়া ডাঃ নৱজ্যোতি গগৈয়ে জানিবলৈ দি কয়– ডিব্রুগড় বিশ্ববিদ্যালয়ৰ এজন ছাত্র পূব আফ্রিকাৰ পৰা আহিছিল আৰু সংগ্রহ কৰা ছেম্পলত পজিটিভ পোৱা গৈছিল৷ যেতিয়া লাহোৱালৰ আহ চি এম আৰত ছেম্পলটোৰ ছিকুৱেঞ্চিং কৰা হয়, তেতিয়া কিছু সন্দেহ হয় আৰু ৰোগীগৰাকীৰ চিটি ভ্যেলু ৩২ আছিল৷ সেয়ে কালি ডিব্রুগড় বিশ্ববিদ্যালয়ত কণ্টেক্ট ড্রেচিং কৰাত ৰাজ্যৰ বাহিৰৰ এজনৰ ৰেট পজিটিভ পোৱা হয়৷ কিন্তু সেহজনৰ কোনো ড্রেভেল হিষ্ট্রী নাছিল৷ পিছত সংগ্রহ কৰা সকলো ছেম্পল ছিকুৱেঞ্চিং কৰি থকা হৈছে৷ কিছু সন্দেহ হোৱাৰ বাবে যোৰহাটলৈ প্রেৰণ কৰা হয় আৰু চাৰি দিনৰ ভিতৰতে ফলাফল পাম বুলি চিকিৎসা বিষয়া ডাঃ নৱজ্যোতি গগৈয়ে সদৰী কৰে৷এহ সময়ত অমিক্রনেহ হওক বা ডেল্টা ভেৰিয়েণ্ট, সেয়া কোনো ডাঙৰ কথা নহয় বুলি ডাঃ গগৈয়ে ডল্লেখ কৰি পুনৰ কয়– কথাটো হ’ল যে অমিক্রনেহ হওক, ডেল্টাহ হওক বা হড কে ভেৰিয়েণ্ট৷ মুঠৰ ওপৰত চিকিৎসা একেধৰণৰ৷ মাত্র কাৰোবাৰ বাবে কম বা বেছি৷ সেয়ে জনসাধাৰণে অতি সচেতন আৰু সজাগ নহ’লে কিন্তু অতি কম সময়ৰ ভিতৰত অমিক্রন বিয়পি এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে আৰু যিটো পৰৱর্তী সময়ত নিয়ন্ত্রণৰ বাহিৰত যোৱাৰ সম্ভাৱনা আছে বুলি ডাঃ গগৈয়ে লগতে ডল্লেখ কৰে৷ আনহাতে ডত্তৰ–পূর্বাঞ্চলৰ মণিপুৰত ধৰা পৰা ব্যক্তিগৰাকীও আফ্রিকাৰ টাঞ্জানিয়াৰ পৰা অহাৰ লগতে ডিব্রুগড়ত সন্দেহ কৰা ছাত্রজনো সেহ একেখন দেশৰ পৰা অহাত অমিক্রনৰ সন্দেহ কৰা হৈছে৷ যদিহে ডিব্রুগড়ৰ এহজন ছাত্রৰ দেহত অমিক্রন থকাটো সুনিশ্চিত হয়, তেন্তে নিঃসন্দেহে অসমৰ বাবে এক ভয়ানক খবৰ৷ হফালে, লাহোৱালৰ আহ চি এম আৰৰ বিজ্ঞানীয়ে বহু পৰীক্ষা–নিৰীক্ষা কৰি দুহ ঘণ্টাতে অমিক্রন ধৰা পেলাব পৰা কিট গৱেষণাৰ অন্তত বজাৰত মুকলি কৰাৰ কথা আছিল যদিও সেয়া কার্যতঃ এতিয়াও ফুটুকাৰ ফেন
মঙলবাৰে ৰাজ্যত ক’ভিডত আক্রান্ত ১২০, মৃত্যু ২
মঙলবাৰে অসমত ক’ভিডত ১২০গৰাকী লোক আক্রান্ত হোৱাৰ লগতে ২গৰাকী লোকৰ মৃত্যু ঘটে৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান অসমে জনোৱা অনুসৰি, মঙলবাৰে ৰাজ্যখনত ৩১,৫১৭গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হয়৷ ইয়াৰে ১২০গৰাকীৰ দেহত পজিটিভ ধৰা পৰে৷ মঙলবাৰে আক্রান্ত হোৱাসকলৰ ভিতৰত ৫৫গৰাকী কমৰূপ মহানগৰ, ৮গৰাকী শোণিতপুৰ, ৭গৰাকীকৈ বঙাইগাঁও আৰু কাছাৰ জিলাৰ লোক৷ দিনটোত আক্রান্তৰ হাৰ ০.৩৮ শতাংশ৷ সেইদৰে আজি ক’ভিডত আক্রান্ত কাছাৰ আৰু ডিব্রুগড় জিলাৰ এগৰাকীকৈ মুঠ দুগৰাকী লোকৰ মৃত্যু হয়৷ ইপিনে, ক’ভিডমুক্ত হোৱাৰ বাবে আজি ৬৮গৰাকী লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ বর্তমান ৰাজ্যখনত ৭৯১গৰাকী সক্রিয় ক’ভিড ৰোগী আছে৷ আজিৰ দিনটোত ৰাজ্যখনত সুস্থতাৰ হাৰ ৯৮.৬৬ শতাংশ৷

You might also like