এশ শতাংশ উত্তীৰ্ণৰে উজলিল বঢ়মপুৰ অন্ধ বিদ্যালয়ৰ শিক্ষাৰ্থী
বিশেষ বাৰ্তা, ৭জুনঃ আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছত উত্তৰ-পূব অসমৰ প্ৰথম খন অন্ধ বিদ্যালয় নগাঁও জিলাৰ বঢ়মপুৰ শ্ৰীমন্ত শংকৰমিছন অন্ধ বিদ্যালয়ত এক উছৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয়। আনন্দত মতলীয়া হয় ছাত্ৰ ছাত্ৰী তথা শিক্ষক সকল। কিয়নো আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয় খনৰ এশ শতাংশ পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হয়।যাৰ বাবে এই পৰিৱেশৰ সৃষ্টি হয়। শ্ৰীমন্ত শংকৰ মিশ্যন কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে, এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অন্ধ বিদ্যালয় খনৰ পৰা দুগৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ঘোষিত ফলাফল অনুসৰি, বিদ্যালয় খনত অধ্যয়ন কৰা বিশেষভাৱে সক্ষম ছাত্ৰদ্বয় আকাশ টেৰঙে হিন্দী বিষয়ত লেটাৰ নম্বৰ সহ প্ৰথম বিভাগ আৰু ৰামবাবু মহান্তিয়েও হিন্দী বিষয়ত লেটাৰ নম্বৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হয়। বিদ্যালয় খনৰ ছাত্ৰ দুজনৰ এই সাফল্যত সকলো ছাত্ৰ ছাত্ৰীয়ে গীত-মাতেৰে আনন্দ উল্লাস কৰা দেখা যায়। উল্লেখ্য যে, শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী সকলে বছৰ বছৰ ধৰি প্ৰয়োজনীয় পাঠ্যপুথি অবিহনেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হব লগা হৈছিল। নাম মাত্ৰ দুই এখন পাঠ্যপুথিৰ বাদে অধিকাংশ পাঠ্যপুথি যোগান ধৰা নাই চৰকাৰে। বেইল পদ্ধতিৰে শিক্ষা প্ৰদান কৰা ছাত্ৰ ছাত্ৰী সকলক অশেষ কষ্ট কৰি পাঠ দান কৰে শিক্ষক সকলে। সম্প্ৰতি ছাত্ৰ দুজনৰ এই কৃতিত্বকলৈ বঢ়মপুৰৰ সৰ্বত্ৰে প্ৰশংসাৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে।
প্ৰেৰক কনক হাজৰিকা