দেওবাৰে ক’ভিড পজিটিভ ২৯৩
নিয়মীয়া বাৰ্তা ৩০ আগষ্টঃ ৰাজ্যত উন্নত হৈছে ক’ভিড পৰিস্থিতি৷ দেওবাৰে ৰাজ্যখনত ২৯৩জন লোক ক’ভিডত আক্রান্ত হয়৷ আনহাতে,দেওবাৰে দিনটোত ক’ভিডত আক্রান্ত হৈ চাৰিজন লোকৰ মৃত্যু হয়৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমে জনোৱা অনুসৰি দেওবাৰে অসমত ৩৯,৩৩৭জন লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ ইয়াৰে ২৯৩জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷
দেওবাৰে আক্রান্ত হোৱাসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ ৭৪, যোৰহাট জিলাৰ ২৮, শিৱসাগৰ জিলাৰ ২৩ আৰু নলবাৰী জিলাৰ ২১জন লোক আছে৷ দিনটোত আক্রান্তৰ হাৰ ০.৭৪ শতাংশ৷
আনহাতে, দেওবাৰে ক’ভিডত আক্রান্ত হৈ কাছাৰ, হোজাই, কামৰূপ মহানগৰ আৰু ওদালগুৰি জিলাৰ এজনকৈ মুঠ ৪জন লোকৰ মৃত্যু হয়৷ আনহাতে সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত আজি ৬৭৪জন লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ বর্তমান ৰাজ্যখনত ৫,৭০২জন সক্রিয় ক’ভিড ৰোগী আছে৷ বর্তমান অসমত সুস্থতাৰ হাৰ ৯৭.৮৪ শতাংশ৷