সূর্য্য হাজৰিকাক ডক্টৰেটৰ প্রমাণ–পত্র প্রদান মুখ্যমন্ত্রীৰ
নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ ‘ঊনবিংশ শতিকাত অসম সম্পর্কীয় গ্রন্থ প্রকাশনঃ এক সমীক্ষাত্মক অধ্যয়ন’ শীর্ষক গৱেষণা কার্যৰ বাবে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ডক্টৰেট ডিগ্রীৰ প্রমাণ–পত্র বিশিষ্ট গ্রন্থ প্রকাশক–পদ্মশ্রী সূর্য্য হাজৰিকাক যোৱা ২ ফেব্রুৱাৰীত বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদত অনুষ্ঠিত চতুর্থ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে প্রদান কৰে৷ উল্লেখ্য যে বিগত পাঁচ বছৰ ধৰি এই বিষয়ত হাজৰিকাই গৱেষণা কার্যত ব্রতী হৈ আছিল৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ প্রাক্তন উপ–সভাপতি, অসম সাহিত্য সভাৰ আজীৱন সভ্য তথা হিতৈষী সভ্য, সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ প্রাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক হাজৰিকাৰ এই প্রাপ্তিত গুণমুগ্ধসকলৰ লগতে বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানে অভিনন্দন জ্ঞাপন কৰিছে৷ অসমৰ গ্রন্থ প্রকাশন সম্পর্কত, বিশেষকৈ ঊনবিংশ শতিকাত অসমৰ গ্রন্থ প্রকাশন ব্যৱস্থাৰ বিষয়ে গৱেষণা গ্রন্থ প্রস্তুত কৰা এয়াই প্রথম৷ ঊনবিংশ শতিকাত প্রকাশিত অসমৰ ঐতিহাসিক গ্রন্থসমূহৰ ইতিহাস, ঐতিহ্য, গুৰুত্ব তথা সূক্ষ্ম বিশ্লেষণেৰে প্রস্তুত কৰা এই গৱেষণা গ্রন্থই অসমৰ গ্রন্থ জগতৰ নানান দিশ উন্মোচিত কৰিছে৷ এই গৱেষণা গ্রন্থই পঢ়ুৱৈ সমাজক বিভিন্ন বিদ্যায়তনিক দিশেৰেও উপকৃত কৰিব বুলি আশা কৰা হৈছে৷