জল পৰিবহণৰ ৭ কর্মচাৰীক নিলম্বনৰ নির্দেশ
নিয়মীয়া বাৰ্তা, ২০ জুনঃ কর্তব্যত অৱহেলা কৰাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বন কৰিলে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ৭ কর্মচাৰীক৷ পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ নির্দেশমর্মে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সঞ্চালকে বিভাগটোৰ ছেকচনেল এছিছষ্টেণ্ট চাহানুৰ আলী, লস্কৰ পুষ্প বৰা, লীলাধৰ নাথ, ফিল্ড খালাচী তৰণী কলিতা, খালাচী মহেশ্বৰ ভূঞা, দ্বৰিকা চৌধুৰী আৰু মণ্টু কুমাৰ গোস্বামীক চাকৰিৰ পৰা নিলম্বন কৰে৷
সংশ্লিষ্ট কর্তৃপক্ষৰ অনুমতি অবিহনে তেওঁলোকে মুখ্য কার্যালয় এৰিব নোৱাৰিব বুলি নির্দেশটোত কোৱা হৈছে৷ উল্লেখ্য যে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সংশ্লিষ্ট কর্মচাৰীকেইজনৰ কর্তব্যত অৱহেলাৰ বাবেই চাউলখোৱা–আপাৰিয়া–গে ফেৰী সেৱা আংশিকভাৱে ডুবি গৈছিল৷ এই ঘটনা সম্পর্কত পৰিবহণ মন্ত্রী পাটোৱাৰীয়ে কয় যে কর্তব্যত অৱহেলা কোনো কাৰণতে সহ্য কৰা নহ’ব৷ তদন্তত কর্মচাৰীকেইজন দোষী সাব্যস্ত হ’লে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷